মুকলি আকাশৰ তলত শিৱসাগৰৰ বিধায়ক অখিল গগৈ

গুৱাহাটী, ১ জুলাই, NKTV: সম্পূৰ্ণ ২ টা বছৰৰ অন্তত মুকলি আকাশৰ তলত কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কৃষক নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত সকলো আৰোপৰ পৰা মুক্তি লাভ কৰিলে অখিল গগৈয়ে।

২০১৯ চনত অসমত হোৱা কা’ আন্দোলনত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত অখিলক NIA আদালতে দোষাৰোপ কৰিছিল। আজি নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা সকলো দোষৰ পৰা মুক্ত কৰি দিয়া হ’ল নেতা গৰাকীক।

ক’ভিডত আক্ৰান্ত হৈ চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই GMCHত চিকিৎসাধীন হৈ আছিল অখিল গগৈ। সকলো দোষৰ পৰা মুক্তি লাভ কৰি আজি মুকলি আকাশৰ তললৈ ওলাই আহিল শিৱসাগৰৰ বিধায়ক গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...