Twitterএ নিষিদ্ধ কৰিলে কংগনা ৰানাৱটৰ একাউণ্ট, অভিনেত্ৰী টাপচী পন্নুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ জুলাই, NKTV: এতিয়াৰে পৰা বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱটৰ অনুৰাগী সকলে Twitterত বিচাৰি নাপাব কংগনাক। কিয়নো Twitterএ ব্লক কৰিলে কংগনা ৰণাৱটৰ টুইটাৰ একাউণ্ট। টুইটাৰৰ নীতি ভংগ কৰাৰ বাবে বলীউডৰ অভিনেত্ৰী কংগনা ৰণাৱটৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰিলে micro-blogging websiteটোৱে। ভিন্ন সময়ত অভিনেত্ৰী গৰাকীয়ে নিজৰ মতামত প্ৰকাশ কৰিবলৈ তথা ভিন্নলোকৰ বিৰুদ্ধে সমালোচনা আগবঢ়াবলৈ micro-blogging websiteটো ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। যদিও অভিনেত্ৰীগৰাকীৰ কৰা টুইটবোৰে বহু সময়ত ভংগ কৰিছে টুইটাৰৰ নীতি।
কংগনাৰ টুইটাৰ একাউণ্ট নিষিদ্ধ হোৱালৈ এইবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ অভিনেত্ৰী টাপচী পন্নুৱে। উল্লেখযোগ্য যে ভিন্ন সময়ত টাপচী পন্নুৰ বিৰুদ্ধে কংগনা আৰু তেওঁৰ ভংগ্নী ৰংগোলীয়ে টুইটাৰত নিজৰ মন্তব্যৰে সমালোচনা কৰি আহিছে। কিছুদিন পূৰ্বে কংগনা ৰাণাৱটে টাপচীক এগৰাকী B-GRADE অভিনেত্ৰী বুলি উল্লেখ কৰি কটু সমালোচনা কৰা পৰিলক্ষিত হৈছিল। কংগনাৰ টুইটাৰ একাউণ্ট নিষিদ্ধ হোৱাকলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাপচীয়ে কয় যে, মই টুইটাৰত তেওঁৰ অনুপস্থিতি অনুভৱ নকৰো, মোৰ জীৱনত তেওঁৰ কোনো অস্থিত্ব নাই, তেওঁৰ বাবে মোৰ মনত ভাল বেয়া কোনো ধৰণৰ অনুভৱ নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...