তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব প্ৰিন্স উইলিয়াম আৰু প্ৰিন্সেছ কেট, সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক

সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ সদস্য প্ৰিন্স উইলিয়াম আৰু প্ৰিন্সেছ কেট। এই ভ্ৰমণকালত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰো কাৰ্যসূচী আছে ৰাজকীয় দম্পতীটোৰ।

ব্ৰিটিছ হাইকমিছনৰ তথ্য অনুসৰি, মুম্বাইৰ পৰা আৰম্ভ হ’ব তেওঁলোকৰ ভাৰত ভ্ৰমণ। মুম্বাইত প্ৰিন্স উইলিয়ামে প্ৰতিষ্ঠা কৰা ২০২৬ বৰ্ষৰ আৰ্থশ্বট প্ৰাইজৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁলোকে।

জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়ন, স্বচ্ছ শক্তি আৰু উদ্ভাৱনৰ দৰে বিষয়সমূহে এই ভ্ৰমণত বিশেষ গুৰুত্ব লাভ কৰিব। লগতে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক, ক্ৰিকেট, ফেশ্বন আৰু চলচ্চিত্ৰ জগতৰ সম্পৰ্কতো গুৰুত্ব প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ২০১৬ চনৰ পিছত এয়া হ’ব প্ৰিন্স উইলিয়াম আৰু প্ৰিন্সেছ কেটৰ দ্বিতীয়টো যৌথ ভাৰত ভ্ৰমণ। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বাণিজ্য, প্ৰযুক্তি, বিনিয়োগ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related