আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বৃহৎ প্ৰতিযোগিতাসমূহৰ আয়োজক দেশৰ তালিকাত পুনৰ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ভাৰতে। ২০২৯ চনৰ আই চি চি পুৰুষৰ চেম্পিয়নছ ট্ৰফী ভাৰতত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২০৩১ চনৰ পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ বাংলাদেশৰ সৈতে যৌথভাৱে আয়োজন কৰিব ভাৰতে। দেওবাৰে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত আই চি চিৰ ব’ৰ্ড বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আই চি চিয়ে ২০৩৫ চনলৈ পুৰুষৰ বিভিন্ন বৃহৎ ক্ৰিকেট প্ৰতিযোগিতাৰ সময়সূচী আৰু আয়োজনৰ দায়িত্ব সম্পৰ্কীয় পৰিকল্পনা প্ৰকাশ কৰিছে। সেই অনুসৰি, ২০২৯ চনৰ ৯ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। আনহাতে, ভাৰত আৰু বাংলাদেশৰ যৌথ আয়োজনত ২০৩১ চনৰ ৯ অক্টোবৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ।
ইয়াৰ উপৰি ২০২৮ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে যৌথভাৱে আয়োজন কৰিব। ২০২৯ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হ’ব ইংলেণ্ডত। ২০৩০ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপৰ আয়োজক হ’ব ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ড। ২০৩১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলো ইংলেণ্ডত অনুষ্ঠিত হ’ব।
অৱশ্যে ২০৩২ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ, ২০৩৩ চনৰ চেম্পিয়নছ ট্ৰফী, ২০৩৪ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ আৰু ২০৩৩ তথা ২০৩৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আয়োজক দেশ এতিয়াও ঘোষণা কৰা হোৱা নাই। ২০৩৫ চনৰ পুৰুষৰ এদিনীয়া বিশ্বকাপৰ আয়োজক দেশো পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব।
আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জোগ গুপ্তাই কয় যে দীৰ্ঘম্যাদী সময়সূচীয়ে ক্ৰিকেট ব’ৰ্ড, খেলুৱৈ আৰু সংশ্লিষ্ট দেশসমূহক ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিব।
ইফালে, ২০২৭ চনৰ পুৰুষৰ এদিনীয়া বিশ্বকাপ আৰু ২০২৮ চনৰ পুৰুষ তথা মহিলা টি-২০ বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ আৰ্হিও আই চি চিয়ে অনুমোদন জনাইছে।
আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনৰ বাবে চূড়ান্ত যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ স্থান আৰু তাৰিখ ঘোষণা কৰা হৈছে। পুৰুষৰ প্ৰতিযোগিতাখন ২০২৮ চনৰ ৫ৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ আমেৰিকাত অনুষ্ঠিত হ’ব। আনহাতে, মহিলাৰ প্ৰতিযোগিতাখন ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ বাংলাদেশত অনুষ্ঠিত হ’ব।
