ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। জিলাখনৰ অসম-মিজোৰাম সীমান্তৰ ৰামনাথপুৰত নাকা তালাচীৰ সময়ত প্ৰায় ১৪ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰে আৰক্ষীয়ে। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মিজোৰামৰ পৰা AS 01 DU 6906 নম্বৰৰ এখন মাৰুতি ব্ৰেজা বাহনেৰে হাইলাকান্দিত প্ৰৱেশ কৰিছিল যুৱকজনে। সেই সময়তে ৰামনাথপুৰ আৰক্ষীয়ে নিয়মীয়া নাকা তালাচী চলাই বাহনখনত তালাচী চলায়। তালাচীৰ সময়ত বাহনখনৰ ভিতৰৰ পৰা বৃহৎ পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা যুৱকজনক আজিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বাহনখনো জব্দ কৰিছে।
উল্লেখ্য যে, জব্দকৃত য়াবা টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা। এই সৰবৰাহৰ আঁৰত থকা চক্ৰ আৰু ড্ৰাগছখিনিৰ উৎস সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
