পথ দুৰ্ঘটনা প্ৰতিৰোধৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক, জিলাই জিলাই গঠন হ’ব টাস্ক ফ’ৰ্চ

ৰাজ্যত পথ দুৰ্ঘটনা হ্ৰাস কৰি পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পৰিবহণ বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়া আৰু আবকাৰী অধীক্ষকসকলেও অংশগ্ৰহণ কৰে।

বৈঠকত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কেইবাটাও কঠোৰ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মদ্যপান কৰি গাড়ী চলোৱা আৰু নিৰ্ধাৰিত গতিসীমা উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

লগতে বাহনসমূহত স্পীড লিমিট ডিভাইচ সংস্থাপন বাধ্যতামূলক কৰাৰ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। বনভোজস্থলীলৈ যাত্ৰাৰ ক্ষেত্ৰত পুৱতি নিশা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত যাত্ৰা পৰিহাৰ কৰাটো নিশ্চিত কৰাৰ লগতে পথ সুৰক্ষাৰ বাবে এটা বিশেষ প’ৰ্টেল মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

আনহাতে, প্ৰতিখন জিলাতে একোটাকৈ টাস্ক ফ’ৰ্চ গঠন কৰি ব্যস্ত সময়ছোৱাত পথত নিৰীক্ষণ আৰু তালাচী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰ্দেশ দিয়া হয়। প্ৰতি ১৫ দিনৰ মূৰে মূৰে পথ দুৰ্ঘটনাসমূহৰ পৰ্যালোচনা কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ চিনাক্ত কৰাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে।

হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰু যান-বাহন আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই সকলো নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘কথা ৰখাৰ কোনো ইচ্ছাই নাছিল তেওঁৰ’: বেঞ্জামিন নেতান্যাহুক লৈ জ’ বাইডেনৰ বিস্ফোৰক মন্তব্য

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস...