ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ অসম কন্যাৰ; ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ‘President Scout Award’ গ্ৰহণ দক্ষিণ কামৰূপৰ ৰাখী ৰাভাৰ

দৰিদ্ৰতা যে সফলতাৰ বাটত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে দক্ষিণ কামৰূপৰ ৰাখী ৰাভাই। পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লোহাৰঘাটৰ অতি পিছপৰা ঠেংগাপাৰা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ কন্যা ৰাখীয়ে নিজৰ মেধা, প্ৰতিভা আৰু একাগ্ৰতাৰ বলত অৰ্জন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ‘President Scout Award’ গ্ৰহণ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ।

আৰ্থিক অনাটন আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাই ৰাখী ৰাভা। বৰ্তমান দশম শ্ৰেণীত অধ্যয়নৰত ৰাখীয়ে অনুসূচিত জনজাতিৰ অলিম্পিক প্ৰতিভা সন্ধানী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইংৰাজী আৰু গণিত বিষয়ত ৯৮.২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰাখীৰ এই অসাধাৰণ কৃতিত্বৰ স্বীকৃতিস্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা লাভ কৰিছিল বিশেষ পত্ৰ। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি স্কাউট বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে তেওঁ। সেই অনুসৰি, যোৱা ২ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা সন্মানীয় ‘President Scout Award’ গ্ৰহণ কৰে ৰাখী ৰাভাই।

এখন অতি পিছপৰা গাঁৱৰ পৰা গৈ দেশৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান গ্ৰহণ কৰাটো ৰাখীৰ লগতে পৰিয়াল, গাঁওবাসী আৰু সমগ্ৰ দক্ষিণ কামৰূপবাসীৰ বাবেই এক গৌৰৱৰ মুহূৰ্ত।

অৱশ্যে, ৰাখীৰ সপোন ইয়াতেই সীমাবদ্ধ নহয়। ভৱিষ্যতে এগৰাকী এয়াৰ হোষ্টেছ হিচাপে নিজৰ কেৰিয়াৰ গঢ়াৰ সপোন পুহি ৰাখিছে দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে।

দৰিদ্ৰতাক নেওচি নিজৰ মেধা আৰু প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা ৰাখী ৰাভাৰ এই সফলতাই আন বহু ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে। সপোন পূৰণৰ বাবে যে ধন-সম্পত্তিতকৈ দৃঢ় ইচ্ছাশক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন, ৰাখীৰ কাহিনীয়ে পুনৰ সেই কথাই প্ৰমাণ কৰিছে।

এতিয়া সকলোৰে আশা, জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি এদিন নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হওক ঠেংগাপাৰাৰ এই প্ৰতিভাৱান কন্যা ৰাখী ৰাভা। উজলি উঠক অসম কন্যা ৰাখী ৰাভা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘কথা ৰখাৰ কোনো ইচ্ছাই নাছিল তেওঁৰ’: বেঞ্জামিন নেতান্যাহুক লৈ জ’ বাইডেনৰ বিস্ফোৰক মন্তব্য

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস...