ASEAN-India Summit 2026-ত অংশগ্ৰহণৰ বাবে ফিলিপাইনছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত প্ৰভাৱ বৃদ্ধি, সামুদ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰা আৰু বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ফিলিপাইনছ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰে নিশা তেওঁ মেনিলাত উপস্থিত হোৱাৰ কথা।
এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২৩সংখ্যক ASEAN-ভাৰত শীৰ্ষ সন্মিলন (ASEAN-India Summit) আৰু ২১সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন (East Asia Summit)-ত অংশগ্ৰহণ কৰিব। ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব এই দুয়োখন গুৰুত্বপূৰ্ণ সন্মিলন। ইয়াৰ উপৰি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী।
দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম গুৰুত্বপূৰ্ণ আধাৰ হৈছে ‘Act East Policy’ বা ‘পূবমুখী নীতি’। প্ৰধানমন্ত্ৰী মোদীৰ মতে, ASEAN-ৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰতৰ ‘Act East Policy’-ৰ কেন্দ্ৰবিন্দু। একেদৰে ‘MAHASAGAR’ (Mutual and Holistic Advancement for Security and Growth Across Regions) শীৰ্ষক লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো ASEAN-ৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ।
এইবাৰৰ সন্মিলনত বিশেষ গুৰুত্ব লাভ কৰিব সামুদ্ৰিক নিৰাপত্তাৰ বিষয়টোৱে। ২০২৬ চনটোক ভাৰত আৰু ASEAN-এ যুটীয়াভাৱে ‘সামুদ্ৰিক সহযোগিতাৰ বৰ্ষ’ হিচাপে পালন কৰিছে। সেয়েহে সামুদ্ৰিক বাণিজ্যিক পথৰ নিৰাপত্তা, নৌ-সহযোগিতা আৰু নীলা অৰ্থনীতি (Blue Economy) সন্দৰ্ভত বিস্তৃত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূব এছিয়া বিভাগৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনৰ মতে, ভাৰত মহাসাগৰ আৰু দক্ষিণ-পূব এছিয়াৰ সামুদ্ৰিক অঞ্চল পৰস্পৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। সেয়েহে এই অঞ্চলত শান্তি আৰু সুস্থিৰতা বজাই ৰাখিবলৈ সংশ্লিষ্ট দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা অত্যন্ত জৰুৰী।
ইফালে, বাণিজ্যিক সম্পৰ্কৰ সম্প্ৰসাৰণো এই সন্মিলনৰ অন্যতম গুৰুত্বপূৰ্ণ আলোচ্য বিষয় হ’ব। বৰ্তমান ভাৰত আৰু ASEAN-ৰ মাজত বাৰ্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় ১২২ বিলিয়ন মাৰ্কিন ডলাৰ। ASEAN-India Trade in Goods Agreement (AITIGA) অৰ্থাৎ ভাৰত-ASEAN সামগ্ৰী বাণিজ্য চুক্তিৰ পৰ্যালোচনাৰ কামো শীঘ্ৰে সম্পূৰ্ণ কৰাৰ পক্ষত মত প্ৰকাশ কৰিব ভাৰতে।
ইয়াৰ লগতে প্ৰতিৰক্ষা সঁজুলি, প্ৰযুক্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো সহযোগিতা অধিক বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে নতুন দিল্লীয়ে।
আনহাতে, মেনিলাত Quad-ৰ বৈঠক অনুষ্ঠিত হোৱাৰো সম্ভাৱনা প্ৰকট হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইচি আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজো উপস্থিত থকাৰ কথা। অৱশ্যে চাৰিওগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত Quad বৈঠক অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
উল্লেখ্য যে, ২০২৭ চনত ভাৰত আৰু ASEAN-ৰ মাজৰ সম্পৰ্কই ৩৫ বছৰ সম্পূৰ্ণ কৰিব। একেদৰে কৌশলগত অংশীদাৰিত্বৰো পাঁচ বছৰ পূৰ্ণ হ’ব ২০২৭ চনত। সেয়েহে ভৱিষ্যতে দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো এইবাৰৰ সন্মিলন বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
ইয়াৰ উপৰি ২১সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা তথা ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাসকলে আলোচনা কৰিব।
