জীৱনৰ কঠিন প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজস্থানৰ ভৰতপুৰৰ পেৰা শ্বুটাৰ ৰুদ্ৰাংশ খাণ্ডেলৱালে। পেৰা শ্বুটিঙত আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে ৰুদ্ৰাংশে। এই বিশেষ মুহূৰ্তত তেওঁৰ সৈতে উপস্থিত থাকে মাতৃ বিনীতা খাণ্ডেলৱাল আৰু পিতৃ আশুতোষ খাণ্ডেলৱাল।
উল্লেখ্য যে, মাত্ৰ ৮ বছৰ বয়সতে এক ভয়ংকৰ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাবলগীয়া হৈছিল ৰুদ্ৰাংশে। ২০১৫ চনৰ ২৪ জানুৱাৰীত এটা বিবাহ অনুষ্ঠানত আতচবাজিৰ সামগ্ৰীৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল কণমানিগৰাকী। পিছত সংক্ৰমণ বিয়পি পৰাত তেওঁৰ জীৱন ৰক্ষাৰ বাবে চিকিৎসকে এখন ভৰি কাটি পেলাবলগীয়া হৈছিল। কিন্তু শাৰীৰিক বাধাক জীৱনৰ হেঙাৰ হ’বলৈ নিদি দৃঢ় মনোবলেৰে আগবাঢ়িছিল ৰুদ্ৰাংশ।
২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত দুটাকৈ ৰূপৰ পদক অৰ্জন কৰে তেওঁ। ইয়াৰ পিছত ২০২৩ চনত পেৰুৰ লিমাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত পুনৰ দুটা ৰূপৰ পদক লাভ কৰে। একে বছৰতে ক্ৰ’ৱেছিয়াৰ অ’চিজেকত অনুষ্ঠিত বিশ্ব শ্বুটিং পেৰা স্প’ৰ্টছ বিশ্বকাপত চাৰিটা সোণৰ পদক অৰ্জন কৰাৰ লগতে দুটাকৈ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয় ৰুদ্ৰাংশে।
ৰুদ্ৰাংশৰ এই সাফল্যত উৎফুল্লিত পৰিয়ালবৰ্গ। তেওঁৰ খুড়াক বিপুল খাণ্ডেলৱালে কয় যে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা লাভ কৰাটো ৰুদ্ৰাংশৰ বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি। লগতে শাৰীৰিক সীমাবদ্ধতাই যে মানুহৰ সপোনৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে, সেয়া ৰুদ্ৰাংশে প্ৰমাণ কৰি দেখুৱালে বুলিও মন্তব্য কৰে তেওঁ।
