দেশত খোৱা তেলৰ আমদানি হ্ৰাস কৰি আত্মনিৰ্ভৰশীলতা অৰ্জনৰ লক্ষ্যৰে খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ জনসাধাৰণক আহ্বান জনাইছে ৰাজ্যৰ কৃষি আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।
মন্ত্ৰীগৰাকীয়ে কয়, “দেশৰ প্ৰধানমন্ত্ৰীয়ে খোৱা তেল কমকৈ খায়, ময়ো কমকৈ খাওঁ। পাৰিলে আপোনালোকেও খোৱা তেলৰ ব্যৱহাৰ কম কৰক। ভাৰত চৰকাৰে প্ৰতি বছৰে কেৱল খোৱা তেল আমদানিৰ নামতে ২.৫০ লাখ কোটি টকা ব্যয় কৰিবলগীয়া হয়।”
অসম কৃষি বিশ্ববিদ্যালয় আৰু গডৰেজ এগ্ৰ’ভেট লিমিটেডৰ যৌথ উদ্যোগত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ তেলিপাৰাত পাম অইলৰ গৱেষণা আৰু উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত এই প্ৰকল্পই এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে পীযুষ হাজৰিকাই।
চলিত বৰ্ষত অসমত ১৫ হাজাৰ হেক্টৰ ভূমিত পাম অইলৰ খেতি সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, কেৱল গোসাঁইগাঁৱতে ৭,৫০০ বিঘা ভূমিত পাম অইলৰ খেতি কৰা হ’ব বুলি জানিবলৈ দিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ বহু লোকৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
খোৱা তেলৰ নাটনি দূৰ কৰাৰ লগতে দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীৰ পাম অইল মিছন সফল কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকে পাম অইলৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলিও তেওঁ উল্লেখ কৰে।
পাম অইলৰ খেতি কৰিলে মাটি মৰুভূমিত পৰিণত হয় বুলি প্ৰচলিত ধাৰণাক সম্পূৰ্ণ ভুল আখ্যা দি এই খেতিৰ সৈতে জড়িত কৃষকসকলক চৰকাৰে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।
লগতে বিটিচি অঞ্চলৰ কৃষকসকলৰ স্বাৰ্থত অসম চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। কেৱল পাম অইলেই নহয়, বিভিন্ন উদ্যানশস্যৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো কৃষি বিভাগে কৃষকসকলক সহায় কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
ইফালে, প্ৰায় ১২ কোটি টকা ব্যয়েৰে পাম অইলৰ গৱেষণা কেন্দ্ৰ আৰু পুলি উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে আগবাঢ়ি অহা গডৰেজ এগ্ৰ’ভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে পীযূষ হাজৰিকাই।
উক্ত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দ্বীপজ্যোতি ৰাজখোৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
