কামৰূপ জিলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, সাংবাদিকতাৰ দায়িত্ব আৰু জনমুখী ভূমিকা সন্দৰ্ভত চৰ্চা

আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইয়াৰ সমান্তৰালভাৱে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আমিনগাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

আমিনগাঁৱৰ বায়টেক পাৰ্কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু মুখ্য অতিথি গৌতম শৰ্মাই সাংবাদিকতাঃ জনমুখী নে দায়িত্বশীল শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। আলোচনাত সাংবাদিকতাৰ সামাজিক ভূমিকা, জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আৰু সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত দায়িত্বশীলতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচীত সাংবাদিকতাৰ বিভিন্ন দিশৰ লগতে সমাজৰ প্ৰতি সংবাদ মাধ্যমৰ দায়িত্বৰ বিষয়টো বিশেষভাৱে গুৰুত্ব লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘কথা ৰখাৰ কোনো ইচ্ছাই নাছিল তেওঁৰ’: বেঞ্জামিন নেতান্যাহুক লৈ জ’ বাইডেনৰ বিস্ফোৰক মন্তব্য

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস...