অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাৰ পাৰ্ছি পাৰ্লো চহৰত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৩টি শিশুসহ এগৰাকী মহিলাকে ধৰি মুঠ ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰিছে।
জানিব পৰা মতে, আজি পুৱা প্ৰায় ২ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অতি কম সময়ৰ ভিতৰতে জুই আৱাসিক অঞ্চলটোত বিয়পি পৰে। ফলত বহু ঘৰ আৰু ঘৰৰ ভিতৰত থকা সা-সম্পত্তি জুইত জাহ যায়। স্থানীয় বাসিন্দাসকলে জুই নিৰ্বাপণৰ চেষ্টা কৰাৰ পূৰ্বেই জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, পাকঘৰৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু তদন্ত অব্যাহত আছে। নিহত লোকসকলৰ পৰিচয় আৰু সম্পত্তিৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্যও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।
এই ভয়ংকৰ অগ্নিকাণ্ডই জিলাখনৰ অগ্নিনিৰ্বাপক ব্যৱস্থাৰ দুৰ্বল দিশটো পুনৰ পোহৰলৈ আনিছে। সূত্ৰ অনুসৰি, পাৰ্ছি পাৰ্লোত কোনো অগ্নিনিৰ্বাপক কেন্দ্ৰ নাই। আনহাতে, ক’ল’ৰিয়াঙত থকা অগ্নিনিৰ্বাপক বাহনৰ অৱস্থা জৰাজীৰ্ণ হোৱাৰ বাবে সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাছিল বুলি জানিব পৰা গৈছে।
সময়মতে অগ্নিনিৰ্বাপক বাহিনীৰ সহায় লাভ নকৰাৰ ফলত জুই নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ সৃষ্টি হয় আৰু জুইয়ে সমগ্ৰ অঞ্চলটো গ্ৰাস কৰে।
এই শোকাৱহ ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। তেওঁ ঘটনাটোক হৃদয়বিদাৰক আখ্যা দিয়াৰ লগতে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। একাংশ লোক সন্ধানহীন হৈ থকাৰ খবৰক লৈও উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে, উদ্ধাৰ অভিযানত জড়িত জিলা প্ৰশাসন, আৰক্ষী, জৰুৰীকালীন সেৱাৰ কৰ্মী, স্বেচ্ছাসেৱক আৰু স্থানীয় বাসিন্দাসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
ইফালে, এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে All Nyishi Youth Association (ANYA)-ৰ সভাপতি জামৰু ৰুজাই। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়াৰ লগতে ৰাজ্য চৰকাৰক শীঘ্ৰে সাহায্য, পুনৰ্সংস্থাপন আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
লগতে, ANYA-ই শীঘ্ৰে এটা সাহায্য পুঁজি সংগ্ৰহ অভিযানৰ আয়োজন কৰিব আৰু ক্ষতিগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়াব বুলি ঘোষণা কৰে।
