ফাঁচীবজাৰত উত্তপ্ত পৰিস্থিতি! দোকানৰ ভিতৰত সোমোৱাই থলুৱা যুৱকক মাৰপিট আৰু ছুৰিকাঘাতৰ অভিযোগ, যুৱকক মাৰপিটৰ অভিযোগ অস্বীকাৰ ‘Bombay Beauty Bazar’ৰ স্বত্বাধিকাৰীৰ
মহানগৰীৰ ব্যৱসায়িক কেন্দ্ৰস্থল ফাঁচীবজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পদপথত ব্যৱসায় কৰা দুজন থলুৱা যুৱকক ‘Bombay Beauty Bazar’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ভিতৰলৈ নি মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, বুধবাৰে সন্ধিয়া পদপথৰ ব্যৱসায়ী যুৱক দুজনক বলপূৰ্বকভাৱে দোকানখনৰ ভিতৰলৈ নি পাঁচজনীয়া এটা দলে উপৰ্যুপৰি প্ৰহাৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফাঁচীবজাৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। খবৰ লাভ কৰি পাণবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহত যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনাৰ পিছত দুই ভুক্তভোগী চামিৰ আহমেদ আৰু জাহিদ আলম মজুমদাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি, পদপথত দোকান দিয়াক লৈ দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোৰ সৈতে বিবাদ চলি আহিছিল। তেওঁলোকে কয়, “আমি পদপথত দোকান দিয়াটো তেওঁলোকে নিবিচাৰে। কালি সামান্য কথাতে আমাক দোকানৰ ভিতৰলৈ নি মাৰপিট কৰে।”
ভুক্তভোগীসকলে লগতে অভিযোগ কৰে যে ‘Bombay Beauty Bazar’ৰ মেনেজাৰে চোকা অস্ত্ৰ দেখুৱাই তেওঁলোকক ভাবুকি দিছিল। তেওঁলোকৰ ভাষ্য অনুসৰি, দোকানখনত জুবিন গাৰ্গৰ অসমীয়া গান বজাবলৈ কোৱাৰ পিছতে বিবাদৰ সূত্ৰপাত হয়। ঘটনাটোৰ ভিডিঅ’ কৰিবলৈ লওঁতেই তেওঁলোকক আক্ৰমণ কৰা হৈছিল বুলিও অভিযোগ কৰে যুৱক দুজনে।
ইফালে, সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছে ‘Bombay Beauty Bazar’ৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলে। স্বত্বাধিকাৰীৰ ভাষ্য অনুসৰি, পদপথৰ ব্যৱসায়ীসকলৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিন ধৰি সৰু-সুৰা বিবাদ চলি আহিছে। পদপথৰ ব্যৱসায়ীসকলে তেওঁলোকৰ দোকানলৈ গ্ৰাহক অহাত বাধা প্ৰদান কৰে, লগতে কৰ্মচাৰীক অহো-যোৱা কৰা পথ বন্ধ কৰি ৰাখে বুলিও অভিযোগ কৰে তেওঁ।
বুধবাৰৰ ঘটনাটো সম্পূৰ্ণ মিছা আৰু মনেসজা বুলি দাবী কৰি স্বত্বাধিকাৰীয়ে কয় যে তেওঁলোকৰ প্ৰতিষ্ঠানত অসমীয়া লোককহে কৰ্মসংস্থাপন দিয়া হৈছে। তেওঁৰ স্বামী বহিঃৰাজ্যৰ হ’লেও তেওঁ নিজে এগৰাকী অসমীয়া বুলিও উল্লেখ কৰে। আনহাতে, প্ৰতিষ্ঠানটোৰ মহিলা কৰ্মচাৰীক পদপথৰ ব্যৱসায়ীসকলে অশ্লীল মন্তব্য কৰাৰ অভিযোগো উত্থাপন কৰে ‘Bombay Beauty Bazar’ৰ কৰ্মচাৰীয়ে।
ইফালে, প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলেও দাবী কৰে যে অভিযোগ উত্থাপন কৰা যুৱকসকলৰ অধিকাংশই পদপথৰ ব্যৱসায়ী নহয় আৰু তেওঁলোকক পূৰ্বে তাত দেখা পোৱা নাছিল।
দুয়োপক্ষৰ পৰস্পৰবিৰোধী অভিযোগক কেন্দ্ৰ কৰি ফাঁচীবজাৰৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ প্ৰকৃত কাৰণ আৰু অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
