পাৰ্কিঙক লৈ বিবাদৰ ভয়ংকৰ পৰিণতি! ‘হেপী দেৱালী, সকলোকে মাৰি পেলাম’ বুলি চিঞৰি ১৫-১৬ জাঁই গুলীচালনা, ফৰিদাবাদত প্ৰাক্তন টেক মহিন্দ্ৰা বিষয়াৰ হত্যাকাণ্ডৰ CCTV ফুটেজ ভাইৰেল

হাৰিয়ানাৰ ফৰিদাবাদত পাৰ্কিঙক কেন্দ্ৰ কৰি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি। চুবুৰীয়াৰ গুলীত প্ৰাণ হেৰুৱালে প্ৰাক্তন টেক মহিন্দ্ৰাৰ কাৰ্যবাহী বিষয়া পৰমজিৎ ধনখৰে। এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ CCTV ফুটেজ পোহৰলৈ আহিছে। ফুটেজত অভিযুক্ত মনু শৰ্মাই পৰমজিৎ ধনখৰক লক্ষ্য কৰি ১৫-১৬ জাঁই গুলীচালনা কৰা দেখা গৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাটো যোৱা ৬ নৱেম্বৰত ধনতেৰাছৰ সন্ধিয়া ফৰিদাবাদৰ ছেক্টৰ ২১C-ত সংঘটিত হৈছিল। ৪২ বছৰীয়া পৰমজিৎ ধনখৰ ছিংগাপুৰৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত আছিল। ভতিজাকৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁ ছিংগাপুৰৰ পৰা ভাৰতলৈ আহিছিল।

CCTV ফুটেজ অনুসৰি, পাৰ্কিঙৰ সমস্যাক লৈ আলোচনা কৰাৰ অজুহাতেৰে অভিযুক্ত মনু শৰ্মাই ধনখৰক প্ৰথম মহলাৰ ফ্লেটৰ পৰা বাহিৰলৈ মাতি আনে। সেই সময়ত ধনখৰৰ পুত্ৰও তাত উপস্থিত আছিল।

কথা-বতৰাৰ মাজতে মনু শৰ্মাই ধনখৰক বিভিন্ন প্ৰশ্ন কৰি তিনিজন লোকৰ দ্বাৰা তেওঁক আক্ৰমণ কৰোৱাৰ অভিযোগ তোলে। ধনখৰে কি ঘটনা ঘটিছে সেয়া বুজিবলৈ চেষ্টা কৰাৰ লগতে হাতযোৰ কৰি অভিযোগ অস্বীকাৰ কৰে। কিন্তু হঠাতে অভিযুক্তই পকেটৰ পৰা পিষ্টল উলিয়াই ধনখৰক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে।

মাত্ৰ পাঁচ ছেকেণ্ডৰ ভিতৰতে তেওঁ কেইবাজাঁই গুলীচালনা কৰে। প্ৰাণ ৰক্ষাৰ বাবে ধনখৰে দৌৰিবলৈ চেষ্টা কৰিলেও অভিযুক্তই পিছ লয়। গুৰুতৰভাৱে আহত অৱস্থাত ধনখৰে অভিযুক্তৰ কলাৰ ধৰি বাধা দিবলৈ চেষ্টা কৰে আৰু দুয়োৰে মাজত কিছু সময়ৰ বাবে হতাহতি হয়।

ইয়াৰ পিছতে এগৰাকী মহিলাই সহায় বিচাৰি চিঞৰি বাহিৰলৈ ওলাই আহে। কিন্তু অভিযুক্তই পিষ্টলত পুনৰ গুলী ভৰাই ধনখৰৰ ওচৰলৈ গৈ আৰু চাৰিজাঁই গুলীচালনা কৰে। তাৰ পিছত তেওঁ গালি-গালাজ কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

গুলীচালনাৰ সময়ত অভিযুক্তই চিঞৰি কৈছিল, “হেপী দেৱালী, মুবাৰক! সকলোকে মাৰি পেলাম, সকলোকে মাৰি যাম।”

আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাৰ পিছতে জ্যেষ্ঠ বিষয়াসকলৰ নিৰ্দেশত ক্ৰাইম ব্ৰাঞ্চৰ সকলো দলক অভিযানত নিয়োগ কৰা হয় আৰু কেইঘণ্টামানৰ ভিতৰতে মনু শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, পৰমজিৎ আৰু অভিযুক্ত মনু শৰ্মা একেটা অট্টালিকাতে বাস কৰিছিল। পৰমজিতে প্ৰথম মহলাত আৰু মনুৱে তৃতীয় মহলাত বাস কৰিছিল। পাৰ্কিঙক কেন্দ্ৰ কৰি দুয়োৰে মাজত পূৰ্বৰে পৰা সঘনাই মতানৈক্য আৰু সৰু-সুৰা বিবাদ হৈ আহিছিল। অৱশেষত সেই বিবাদেই ৬ নৱেম্বৰত ভয়ংকৰ হত্যাকাণ্ডৰ ৰূপ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...