ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চাইবাৰ অপৰাধী, উদ্ধাৰ ১২খন ATM কাৰ্ডসহ নগদ ধন

হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল তিনিজন সন্দেহযুক্ত চাইবাৰ অপৰাধী। ধৃত লোককেইজন ক্ৰমে সোণাপুৰৰ আৰ্জুমান আলী, চামছুদ্দিন আৰু মৰিগাঁৱৰ ধৰমতুলৰ ৰিজুৱান।

অভিযুক্তকেইজনৰ পৰা আৰক্ষীয়ে ১২খন ATM কাৰ্ড, নগদ ২৯,৪০০ টকা আৰু AS21 D 6007 নম্বৰৰ এখন এল্ট’ বাহন জব্দ কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও একেধৰণৰ অপৰাধৰ অভিযোগত গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডবকা আৰক্ষীৰ এটা দলে কালি সোণাপুৰ আৰু মৰিগাঁৱৰ ধৰমতুলত অভিযান চলাই তিনিওজনকে গ্ৰেপ্তাৰ কৰে।

মন কৰিবলগীয়া যে, যোৱা ২ নৱেম্বৰত ডবকা বজাৰৰ এটা ATMত ধন উলিয়াবলৈ যোৱা আব্দুল লতিফ নামৰ এগৰাকী বৃদ্ধৰ ATM কাৰ্ড কৌশলেৰে সলনি কৰিছিল অভিযুক্তকেইজনে। পৰৱৰ্তী সময়ত বৃদ্ধগৰাকীৰ বেংক একাউণ্টৰ পৰা ৩৪,৯৯০ টকা উলিয়াই নিয়ে তেওঁলোকে।

এই ঘটনাৰ সন্দৰ্ভত আব্দুল লতিফে ডবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১৯৫/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

উল্লেখ্য যে, বৃদ্ধগৰাকীৰ ধন লুটৰ এই ঘটনাৰ সন্দৰ্ভত যোৱা ৩ নৱেম্বৰত NKTV-তো বাতৰি সম্প্ৰচাৰিত হৈছিল। NKTVত বাতৰি সম্প্ৰচাৰৰ পাছতে আৰক্ষীৰ অভিযানত তিনিওজন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওদালগুৰিৰ UCO বেংকত চাঞ্চল্যকৰ ঘটনা। গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি ৯.৬৮ লাখ টকা

ওদালগুৰি জিলাৰ মাজবাটস্থিত UCO বেংকত এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা...

ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি, অসুস্থ গৰ্ভৱতী মহিলা

বৰপেটাৰোডত ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে...

পুনৰ প্ৰশাসনৰ ৰোষত ছোনম ৱাংচুক। এইবাৰ ৱাংচুকৰ লাডাখৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

পুনৰ চৰকাৰী প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’ল লাডাখৰ বিশিষ্ট জলবায়ু...

নিৰ্মাণৰ পিছতো আৰম্ভ নহ’ল চিকিৎসা সেৱা! হাবি-জংঘলেৰে আৱৰি পৰি ৰ’ল চাপৰৰ কলবাৰী উপ-স্বাস্থ্য কেন্দ্ৰ

ৰাজ্যত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ নামত চৰকাৰে কোটি কোটি...