ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি, অসুস্থ গৰ্ভৱতী মহিলা

বৰপেটাৰোডত ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। বৰপেটাৰোডৰ কলাভাঙা শ্মশান ৰোডস্থিত ‘প্ৰিয় মেডিকেল’ৰ বিৰুদ্ধে ম্যাদ উকলা ঔষধ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ফাৰ্মাচীখনৰ পৰা ক্ৰয় কৰা ঔষধ সেৱন কৰি এগৰাকী গৰ্ভৱতী মহিলা গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

জানিব পৰা মতে, দেওবাৰে এগৰাকী গৰ্ভৱতী মহিলাই ফাৰ্মাচীখনৰ পৰা গেছট্ৰিকৰ ঔষধ ক্ৰয় কৰিছিল। পৰৱৰ্তী সময়ত ঔষধটোৰ ম্যাদ পৰীক্ষা কৰোঁতে জানিব পাৰে যে প্ৰায় পাঁচ মাহ পূৰ্বেই ইয়াৰ ম্যাদ উকলি গৈছিল। ইয়াৰ পিছতে ঘটনা পোহৰলৈ অহাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

ম্যাদ উকলা ঔষধ বিক্ৰী কৰাৰ অভিযোগক কেন্দ্ৰ কৰি প্ৰিয় মেডিকেলৰ সন্মুখত একাংশ স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীয়ে দোকান বন্ধ কৰি আঁতৰি যায় বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে স্বত্বাধিকাৰীজনৰ সন্ধান লাভ কৰা হোৱা নাই বুলি অভিযোগ উঠিছে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ফাৰ্মাচীখনত বিক্ৰী কৰা ঔষধৰ গুণগত মান আৰু ম্যাদ পৰীক্ষা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ প্ৰশাসনৰ ৰোষত ছোনম ৱাংচুক। এইবাৰ ৱাংচুকৰ লাডাখৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

পুনৰ চৰকাৰী প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’ল লাডাখৰ বিশিষ্ট জলবায়ু...

নিৰ্মাণৰ পিছতো আৰম্ভ নহ’ল চিকিৎসা সেৱা! হাবি-জংঘলেৰে আৱৰি পৰি ৰ’ল চাপৰৰ কলবাৰী উপ-স্বাস্থ্য কেন্দ্ৰ

ৰাজ্যত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ নামত চৰকাৰে কোটি কোটি...

AMCHত ঘনকান্ত গগৈৰ আজি মৰণোত্তৰ পৰীক্ষা

ৰাজ্যজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰা হোটেল বিলাস ইন হত্যাকাণ্ডৰ...