পুনৰ চৰকাৰী প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’ল লাডাখৰ বিশিষ্ট জলবায়ু কৰ্মী তথা উদ্ভাৱক ছোনম ৱাংচুক। এইবাৰ তেওঁৰ সৈতে জড়িত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে লাডাখ প্ৰশাসনে। লেহৰ ফিয়াংস্থিত ‘ডেজাৰ্ট ফ্লাৱাৰ স্কুল’ৰ পাঠদান আৰু অন্যান্য কাৰ্যকলাপ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। প্ৰয়োজনীয় অনুমতি অবিহনে বিদ্যালয়খনৰ কাৰ্যকলাপ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনে।
লেহৰ তহচিলদাৰে জাৰি কৰা এই জাননীখন ছোনম ৱাংচুকৰ পত্নী তথা হিমালয়ান ইনষ্টিটিউট অৱ অল্টাৰনেটিভছ লাডাখ (HIAL)ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ গীতাঞ্জলি জে আংমোক উদ্দেশ্যি প্ৰেৰণ কৰা হৈছে। জাননীখনত আদালতৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত বিদ্যালয়খনৰ কাম-কাজৰ ক্ষেত্ৰত বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ কোৱা হৈছে।
ভূমি আবণ্টনক লৈ চলিছে আইনী যুঁজ
উল্লেখ্য যে, ছোনম ৱাংচুকৰ প্ৰতিষ্ঠান HIALৰ সৈতে লাডাখ প্ৰশাসনৰ ভূমি আবণ্টনক লৈ দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। ২০১৮ চনৰ মে’ মাহত হিমালয়ৰ পাৰিপাৰ্শ্বিকতা আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দি এখন বিকল্প বিশ্ববিদ্যালয় স্থাপনৰ বাবে ফিয়াং থাঙত HIALক ৪০ বছৰৰ বাবে ভূমি আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছিল।
কিন্তু ২০২৫ চনৰ ২১ আগষ্টত ভূমি আবণ্টন বাতিল কৰে লাডাখ প্ৰশাসনে। প্ৰশাসনৰ অভিযোগ আছিল যে প্ৰতিষ্ঠানটোৱে ভূমি লীজৰ প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা নাছিল আৰু আবণ্টনৰ মূল উদ্দেশ্য অনুসৰি বিশ্ববিদ্যালয়খনো স্থাপন কৰিব পৰা নাছিল।
প্ৰশাসনৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় HIAL। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি চলি থকাৰ সময়ত বিতৰ্কিত ভূমিৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ অধিকাৰ সৃষ্টি নকৰিবলৈ প্ৰশাসনক অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়ে। অৱশ্যে এই নিৰ্দেশে ভূমি আবণ্টন বাতিলৰ সিদ্ধান্ত স্থগিত কৰা নাছিল।
জনহিতকৰ উদ্ভাৱনেৰে চৰ্চিত ৱাংচুক, তথাপিও বাৰে বাৰে প্ৰত্যাহ্বানৰ সন্মুখীন
ছোনম ৱাংচুক কেৱল এগৰাকী জলবায়ু কৰ্মীয়েই নহয়, লাডাখৰ কঠিন ভৌগোলিক আৰু জলবায়ুগত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন উদ্ভাৱনীমূলক পদ্ধতিৰে কাম কৰি অহা এগৰাকী অভিযন্তা আৰু শিক্ষাবিদ।
তেওঁৰ অন্যতম উল্লেখযোগ্য উদ্ভাৱন হৈছে ‘আইচ ষ্টূপা’। কৃত্ৰিম হিমবাহৰ দৰে কাম কৰা এই ব্যৱস্থাত শীতকালত পানী বৰফৰ শংকু আকৃতিৰ স্তম্ভ হিচাপে জমা কৰি ৰখা হয়। বসন্তকালত বৰফ গলি খেতি-পথাৰত পানীৰ নাটনি দূৰ কৰাত সহায় কৰে এই ব্যৱস্থাই।
ইয়াৰ উপৰি বিদ্যুৎ বা জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি শীতপ্ৰধান অঞ্চলত ঘৰ গৰম কৰি ৰাখিব পৰা ‘পেচিভ ছ’লাৰ মাড বিল্ডিং’ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ কাম কৰি আহিছে। পৰম্পৰাগত জ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ সমন্বয়েৰে লাডাখৰ শিক্ষা, পৰিৱেশ আৰু গ্ৰাম্য জীৱনৰ উন্নয়নৰ বাবে কাম কৰি আহিছে ৱাংচুকে।
ইফালে, লাডাখৰ পৰিৱেশ সুৰক্ষা, ষষ্ঠ অনুসূচীৰ অধীনত সাংবিধানিক সুৰক্ষা আৰু স্থানীয় লোকৰ অধিকাৰৰ দাবীত সৰৱ হৈ আহিছে তেওঁ। এই সক্ৰিয়তাৰ বাবেই প্ৰশাসনৰ সৈতে তেওঁৰ সংঘাত বাঢ়ি অহা বুলিও ৱাংচুকে অভিযোগ কৰি আহিছে। আনহাতে, ভূমি আবণ্টনৰ চৰ্ত পূৰণ নোহোৱাৰ বাবেহে প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি নিজৰ স্থিতি স্পষ্ট কৰি আহিছে।
এফালে জনসাধাৰণৰ জীৱন-জীৱিকা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে উদ্ভাৱনীমূলক কাম, আনফালে প্ৰতিষ্ঠানৰ ভূমি আবণ্টন আৰু বিদ্যালয়ৰ কাৰ্যকলাপক লৈ আইনী-প্ৰশাসনিক জটিলতা। ছোনম ৱাংচুকৰ ক্ষেত্ৰত সৃষ্টি হোৱা এই নতুন পৰিস্থিতিয়ে লাডাখৰ শিক্ষা আৰু পৰিৱেশকেন্দ্ৰিক আন্দোলনৰ লগতে প্ৰশাসন আৰু প্ৰতিষ্ঠানটোৰ মাজৰ সংঘাতক পুনৰ চৰ্চালৈ আনিছে।
