ৰাজ্যত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ নামত চৰকাৰে কোটি কোটি টকা ব্যয় কৰাৰ সময়তে চাপৰৰ কলবাৰীত পোহৰলৈ আহিছে চৰকাৰী স্বাস্থ্য বিভাগৰ চৰম অৱহেলাৰ এক উদ্বেগজনক ছবি। গাঁওবাসীক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এটা উপ-স্বাস্থ্য কেন্দ্ৰ এতিয়া ব্যৱহাৰৰ পৰিৱৰ্তে হাবি-জংঘলেৰে আৱৰি পৰি ৰৈছে।
এই খবৰ চাপৰ চিকিৎসালয়ৰ অন্তৰ্গত তথা ফলিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ কলবাৰী গাঁৱত অৱস্থিত উপ-স্বাস্থ্য কেন্দ্ৰটোৰ। স্থানীয় ৰাইজৰ চিকিৎসা সেৱাৰ সুবিধা নিশ্চিত কৰাৰ লক্ষ্যৰে লাখ লাখ টকা ব্যয়েৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল কেন্দ্ৰটো। নতুন স্বাস্থ্য কেন্দ্ৰটোৱে অঞ্চলটোৰ ৰাইজৰ বাবে উন্নত চিকিৎসা সেৱাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছিল। কিন্তু নিৰ্মাণৰ পিছতো সেই আশা বাস্তৱত পৰিণত নহ’ল।

বৰ্তমান সমগ্ৰ কেন্দ্ৰটো ঘন জংঘলেৰে আৱৰি ধৰাৰ লগতে চৌহদত বিৰাজ কৰিছে অপৰিষ্কাৰ পৰিৱেশ। নিয়মীয়া পৰিচৰ্যা আৰু তদাৰকৰ অভাৱত স্বাস্থ্য সেৱাৰ বাবে নিৰ্মাণ কৰা ভৱনটো এতিয়া পৰিত্যক্ত অৱস্থালৈ পৰিণত হৈছে। যিটো কেন্দ্ৰৰ পৰা গাঁওবাসীয়ে প্ৰাথমিক চিকিৎসা সেৱা লাভ কৰিব লাগিছিল, সেই কেন্দ্ৰটোৱেই এতিয়া অঞ্চলটোৰ বাবে যেন এক ভূতবাংলাত পৰিণত হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত প্ৰায় দুটা বছৰ ধৰি একেদৰেই অৱহেলিত হৈ পৰি আছে কলবাৰী উপ-স্বাস্থ্য কেন্দ্ৰটো। অথচ কেন্দ্ৰটোৰ এনে দুৰৱস্থাৰ প্ৰতি আজিলৈকে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষ অথবা চাপৰ চিকিৎসালয়ৰ দায়িত্বশীল বিষয়াসকলে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে।
স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিলেই যে স্বাস্থ্য সেৱা নিশ্চিত নহয়, কলবাৰীৰ এই ছবিয়ে পুনৰ সেই প্ৰশ্ন উত্থাপন কৰিছে। এটা স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ আঁৰত চৰকাৰী ধন ব্যয় হোৱাৰ পিছতো যদি ৰাইজে প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ নকৰে, তেন্তে এনে আন্তঃগাঁথনিৰ প্ৰকৃত উপযোগিতা ক’ত?
সেয়েহে, কলবাৰী উপ-স্বাস্থ্য কেন্দ্ৰটো শীঘ্ৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি নিয়মীয়া চিকিৎসা সেৱা আৰম্ভ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ উচ্চপদস্থ কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়কৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে গাঁওবাসীয়ে।
