১৪ বছৰৰ অপেক্ষাৰ অন্ত পেলালে মায়া ৰাজেশ্বৰনে, WTA টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় কিশোৰীৰ

ভাৰতীয় মহিলা টেনিছত নতুন ইতিহাস ৰচিলে ১৭ বছৰীয়া মায়া ৰাজেশ্বৰনে ৰেৱতীয়ে। ১৪ বছৰৰ মূৰত WTA টুৰ্ণামেণ্টৰ ছিংগলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হ’ল মায়া।

বুধবাৰে চেন্নাই অ’পেনত পোলেণ্ডৰ ৱেৰ’নিকা ফালক’স্কাক ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে বিশ্ব ৰেংকিঙৰ ৬৬৯ নম্বৰ স্থানত থকা মায়াই। ইয়াৰ পূৰ্বে ২০১২ চনত ছানিয়া মিৰ্জাই পাটায়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে যোৱা অক্টোবৰত পৰ্তুগালৰ লাগোছত প্ৰথমটো W35 ছিংগলছ খিতাপ জয় কৰি চৰ্চালৈ আহিছিল মায়া। ইউক্ৰেইনৰ য়েলিজাভেটা কোটলিয়াৰৰ সৈতে যুটী বান্ধি ডাবলছৰ খিতাপো অৰ্জন কৰিছিল তেওঁ।

চেন্নাই অ’পেনত মায়াৰ এই সফলতাই ভাৰতীয় মহিলা টেনিছৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AMCHত ঘনকান্ত গগৈৰ আজি মৰণোত্তৰ পৰীক্ষা

ৰাজ্যজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰা হোটেল বিলাস ইন হত্যাকাণ্ডৰ...

বৃদ্ধ লোকক লক্ষ্য কৰি প্ৰৱঞ্চনা! ধন সৰবৰাহৰ গোচৰত আমেৰিকাত ভাৰতীয় নাগৰিকক ৮ বছৰৰ কাৰাদণ্ড

আমেৰিকাত বৃদ্ধ লোকক লক্ষ্য কৰি চলোৱা বৃহৎ প্ৰৱঞ্চনাৰ ধন...