ৰাজ্যজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰা হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুৰ পিছত আজি AMCHত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। বৰ্তমান AMCHৰ মৰ্গত ৰখা হৈছে ঘনকান্তৰ মৃতদেহ। বুধবাৰে জয়সাগৰ চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল মৃতদেহটো।
মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় যাৱতীয় কাম-কাজ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। AMCHৰ ফৰেনছিক মেডিচিন বিভাগত সম্পন্ন হ’ব এই পৰীক্ষা। বুধবাৰে নিৰ্ধাৰিত সময় উকলি যোৱাৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পৰা নগ’ল। পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব ঘনকান্তৰ মৃতদেহ।
উল্লেখ্য যে বুধবাৰে পুৱতি নিশা শিৱসাগৰৰ ফুলপানীছিগাত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল ঘনকান্ত গগৈৰ। আৰক্ষীৰ ভাষ্য অনুসৰি, পাঁচজনকৈ লোকৰ হত্যাৰ গোচৰত চৰ্চিত ঘনকান্তক আন এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়তে তেওঁ আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত নিহত হয় ঘনকান্ত। এই ঘটনাত আহত হৈছিল TSI দেৱাশীষ শৰ্মাও।
ইফালে, এনকাউণ্টাৰৰ ঘটনাক লৈও সৃষ্টি হৈছে বিভিন্ন প্ৰশ্ন। আদালতত পিটিশ্যন দাখিল কৰাৰ পিছতো শেষৰক্ষা নহ’ল ঘনকান্তৰ। কিন্তু হত্যাৰ গোচৰত নহয়, প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি নিয়াৰ সময়তে কেনে পৰিস্থিতিত সংঘটিত হ’ল এই এনকাউণ্টাৰ?
প্ৰায় এটা সপ্তাহ ধৰি ৰাজ্যজুৰি চৰ্চিত হৈ আছিল হোটেল বিলাস ইনৰ নৃশংস হত্যাকাণ্ড। বৰপেটাৰ আঢ্যৱন্ত ভৰালী পৰিয়ালটোৰ পাঁচজনকৈ লোকৰ মৃত্যুৰ ঘটনাৰ আঁৰত মূল অভিযুক্ত হিচাপে নাম সাঙোৰ খাইছিল ঘনকান্ত গগৈৰ। কিন্তু এই ভয়ংকৰ হত্যাকাণ্ডৰ আঁৰত কি উদ্দেশ্য আৰু কি ৰহস্য লুকাই আছিল?
ঘনকান্তৰ মৃত্যুৰ লগে লগে বহু প্ৰশ্নৰ উত্তৰ জানিবলৈ পোৱাৰ সম্ভাৱনাও যেন ক্ষীণ হৈ পৰিল। আৰক্ষীৰ এনকাউণ্টাৰতে অন্ত পৰিল নেকি পাঁচটাকৈ মৃত্যুৰ আঁৰৰ সকলো ৰহস্য? নে এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে বহু অজানা তথ্য?
