ওদালগুৰি জিলাৰ মাজবাটস্থিত UCO বেংকত এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা ৰহস্যজনকভাৱে ৯ লাখ ৬৮ হাজাৰ টকা হৰলুকি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি বেংকৰ শাখা প্ৰবন্ধক আৰু কৰ্তৃপক্ষৰ ভূমিকাক লৈও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।
অভিযোগ অনুসৰি, মাজবাটৰ সত্যেন্দ্ৰ বসুমতাৰী নামৰ লোকজনৰ বেংক একাউণ্টৰ পৰা হঠাৎ নোহোৱা হয় প্ৰায় ৯ লাখ ৬৮ হাজাৰ টকা। ৰহস্যজনকভাৱে তেওঁৰ একাউণ্টৰ পৰা দুটা অচিনাকি বেংক একাউণ্টলৈ ধনখিনি স্থানান্তৰিত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে ভুক্তভোগীগৰাকী মাজবাটৰ UCO বেংকৰ শাখাত উপস্থিত হৈ শাখা প্ৰবন্ধকৰ সৈতে যোগাযোগ কৰে। কিন্তু প্ৰথম অৱস্থাত বেংক কৰ্তৃপক্ষই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে লোকজনে। আনকি হৰলুকি হোৱা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত বেংকৰ বিশেষ কৰণীয় নাই বুলিও শাখা প্ৰবন্ধকে মন্তব্য কৰা বুলি অভিযোগ কৰিছে ভুক্তভোগীয়ে।
ইফালে, পৰৱৰ্তী সময়ত বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে ভুক্তভোগীৰ একাউণ্টত পুনৰ দেখা যায় হৰলুকি হোৱা ধনৰাশি। অৱশ্যে, এই ধন স্থায়ীভাৱে ঘূৰাই দিয়া হোৱা নাই, বৰঞ্চ তদন্তকালীন সময়ৰ বাবে একাউণ্টত জমা ৰখা এক ‘ছেডো এমাউণ্ট’হে বুলি শাখা প্ৰবন্ধকে অৱগত কৰা বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে।
ভুক্তভোগীৰ অভিযোগ অনুসৰি, বেংকত অভিযোগ দাখিল কৰাৰ পাছত RBIৰ নিৰ্দেশনা অনুসৰি তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ধনখিনি একাউণ্টত অস্থায়ীভাৱে জমা ৰখা হৈছে। কিন্তু তদন্তৰ সময়ছোৱাত গ্ৰাহকে এই ধন ব্যৱহাৰ কৰিব নোৱাৰিব। পৰৱৰ্তী সময়ত চাইবাৰ আৰক্ষীয়ে ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেহে ভুক্তভোগীয়ে ধন লাভ কৰিব বুলি তেওঁক জনোৱা হৈছে বুলি অভিযোগ।
আনহাতে, চাইবাৰ আৰক্ষীয়ে ধন উদ্ধাৰ কৰিব নোৱাৰিলে হৰলুকি হোৱা ধন ঘূৰাই পোৱাৰ অনিশ্চয়তাক লৈও উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগী। সমগ্ৰ ঘটনাৰ আঁৰত বেংকৰ শাখা প্ৰবন্ধক আৰু আন কৰ্তৃপক্ষৰ কোনো ভূমিকা আছে নেকি, সেই সন্দৰ্ভতো তদন্তৰ দাবী জনাইছে সত্যেন্দ্ৰ বসুমতাৰীয়ে।
অৱশ্যে, এই অভিযোগসমূহৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্তৰ জৰিয়তে প্ৰকৃত তথ্য পোহৰলৈ অহাটো প্ৰয়োজনীয় হৈ পৰিছে।
