ভূটানৰ পানীয়ে ভাগ্য মুকলি কৰিলে একাংশ মাছমৰীয়াৰ! পুৱাতে তামাৰহাটৰ গংগাধৰ নৈ, গোসাঁইগাঁৱত সোণকোষ নৈত মাছৰ উজান

ভূটানৰ পৰা নামি অহা পানীৰ ধলৰ মাজতে এইবাৰ ভাগ্য মুকলি হ’ল নামনি অসমৰ একাংশ নৈপৰীয়া লোকৰ। নদীৰ পানীৰ সৈতে উজাই অহা মাছৰ উজানে তামাৰহাট আৰু গোসাঁইগাঁৱত সৃষ্টি কৰিলে এক ব্যতিক্ৰমী পৰিৱেশ। পুৱাৰে পৰা নিশালৈকে শ শ লোকে নদীত নামি কুইণ্টলে কুইণ্টলে মাছ ধৰাত ব্যস্ত হৈ পৰে।

তামাৰহাটৰ বাঘডোকৰা অঞ্চলত গংগাধৰ নৈত দেখা গ’ল মাছ ধৰাৰ এক অভূতপূৰ্ব দৃশ্য। ভূটানৰ পৰা নামি অহা পানীৰ সৈতে বৃহৎ পৰিমাণৰ মাছ উটি অহাত নৈপৰীয়া ৰাইজে জাল আৰু হাতেৰে মাছ ধৰিবলৈ হেতা-ওপৰা লগায়। স্থানীয় লোকৰ মতে, কেৱল বাঘডোকৰা অঞ্চলতে ৫০ কুইণ্টলতকৈ অধিক মাছ ধৰা হৈছে। বিটিচিৰ শিমুলটাপুৰ পৰা তামাৰহাটলৈকে নদীপাৰৰ অঞ্চলসমূহত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ। মহিলা, শিশু, বৃদ্ধকে ধৰি সকলোৱে মাছ ধৰাত ব্যস্ত হৈ পৰে। মাছৰ লগতে নদীৰ পানীত উটি অহা কাঠ-খৰিও সংগ্ৰহ কৰে একাংশ লোকে।

ইফালে গোসাঁইগাঁৱতো দেখা গ’ল এক আশ্চৰ্যকৰ দৃশ্য। ভূটানৰ পৰা পানীৰ ধল নামি অহাৰ পিছত ভাৰত-ভূটান সীমান্তৱৰ্তী সংকোশ নৈৰ পানী বৃদ্ধি পোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ হ্ৰাস পোৱাত নদীৰ বুকুত ওলাই পৰে বৃহৎ পৰিমাণৰ মাছ।

পানী কমি অহাৰ সুযোগতে নিশা শ শ লোকে নদীত নামি হাতেৰে ধৰিলে প্ৰকাণ্ড প্ৰকাণ্ড মাছ। ৰৌ, কাতলা, আঁৰি, বৰালি, ঘৰেয়া, বিৰকেট আদি বিভিন্ন প্ৰজাতিৰ মাছ ধৰা পৰে ৰাইজৰ হাতত। একো একোটা মাছৰ ওজন ৫ৰ পৰা ৭ কিলোগ্ৰামতকৈও অধিক। আনকি একোজন লোকে ৮০ৰ পৰা ৯০ কিলোগ্ৰাম পৰ্যন্ত মাছ ধৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শুকুৰবাৰে ভূটানত হিমবাহ স্খলনৰ ফলত নদ-নদীত পানীৰ প্ৰবল ধল নামি অহাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ ফলত নামনি অসমৰ নৈপৰীয়া অঞ্চলসমূহতো সৃষ্টি হৈছিল আতংকময় পৰিস্থিতি। কিন্তু সেই পানীৰ ধলৰ পিছতে গংগাধৰ আৰু সংকোশ নৈত মাছৰ উজানে একাংশ স্থানীয় লোকৰ মাজত আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

এফালে বানপানীৰ আশংকা, আনফালে নদীৰ বুকুত মাছৰ উজান—এই বিপৰীত ছবিয়ে এতিয়া তামাৰহাট আৰু গোসাঁইগাঁৱৰ নৈপৰীয়া অঞ্চলত বিশেষ চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি ৰাষ্ট্ৰীয় একতা দিৱস; দেশজুৰি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন

দেশজুৰি আজি ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক...