মন্ত্ৰীৰ ভ্ৰমণসূচীক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা; এতিয়াৰে পৰা মন্ত্ৰীসকলে কোনো সমষ্টি ভ্ৰমণ কৰাৰ পূৰ্বে অৱগত কৰিব লাগিব স্থানীয় বিধায়কক

মন্ত্ৰীসকলৰ সমষ্টি ভ্ৰমণ আৰু চৰকাৰী কাৰ্যসূচীক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা মন্ত্ৰীসকলে কোনো সমষ্টি ভ্ৰমণ কৰাৰ পূৰ্বে সংশ্লিষ্ট সমষ্টিৰ স্থানীয় বিধায়কক আগতীয়াকৈ অৱগত কৰিব লাগিব। চৰকাৰ আৰু জনপ্ৰতিনিধিসকলৰ মাজত সমন্বয় তথা সহযোগিতা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই নিৰ্দেশনা দিয়া হৈছে।

উল্লেখ্য যে, মন্ত্ৰীসকলে বিভিন্ন সময়ত ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ সময়ত সংশ্লিষ্ট সমষ্টিৰ বিধায়কসকলক অৱগত নকৰা বা পৰিদৰ্শনৰ সৈতে জড়িত নকৰাৰ বিষয়টো লক্ষ্য কৰা হৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক স্থানীয় বিধায়কসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে।

নিৰ্দেশনা অনুসৰি, মন্ত্ৰীসকলে অংশগ্ৰহণ কৰা ৰাজহুৱা অনুষ্ঠান, সভা-সমিতি বা অন্যান্য কাৰ্যসূচীত সংশ্লিষ্ট বিধায়কসকলকো আমন্ত্ৰণ জনাই অংশগ্ৰহণৰ সুযোগ দিব লাগিব। আনহাতে, যিসমূহ বিভাগীয় বৈঠক বা চৰকাৰী পৰ্যালোচনা বৈঠকত বিধায়কসকলৰ উপস্থিতিৰ প্ৰয়োজনীয়তা নাথাকে, তেনে ক্ষেত্ৰতো সংশ্লিষ্ট বিধায়কসকলক আগতীয়াকৈ সৌজন্যমূলকভাৱে অৱগত কৰিব লাগিব।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ মূল উদ্দেশ্য হৈছে চৰকাৰ আৰু নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ মাজত পাৰস্পৰিক সমন্বয়, সহযোগিতা আৰু সু-সম্পৰ্ক বৃদ্ধি কৰা। ইয়াৰ ফলত চৰকাৰী ভ্ৰমণ, বৈঠক তথা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীসমূহ অধিক সুচাৰুৰূপে সম্পন্ন হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related