IIFA Awards 2026ত সৰ্বাধিক বঁটা লাভ কৰি আধিপত্য বিস্তাৰ কৰিলে আদিত্য ধৰ পৰিচালিত ছবি ‘ধুৰন্ধৰ’ই। আনহাতে, শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৰণবীৰ সিঙে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ‘ছায়াৰা’ ছবিৰ বাবে আনীত পাড্ডাই। ‘ছায়াৰা’, ‘দ্য বেডছ অৱ বলীউড’ আৰু ‘পাতাল লোক ছিজন ২’য়েও লাভ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা।
শুকুৰবাৰে ২৬সংখ্যক International Indian Film Academy (IIFA) Awardsৰ বিজয়ীৰ তালিকা আনুষ্ঠানিক Instagram একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰা হয়। চলচ্চিত্ৰ আৰু ডিজিটেল মনোৰঞ্জনৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা শিল্পী আৰু কলা-কুশলীসকলক এই বঁটাৰে সন্মানিত কৰা হয়।
আদিত্য ধৰ পৰিচালিত ‘ধুৰন্ধৰ’ ছবিখনে অভিনয়, পৰিচালনা, চিত্ৰনাট্য আৰু কাৰিকৰী শিতানকে ধৰি মুঠ ১২টা বঁটা লাভ কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে ৰণবীৰ সিঙে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে ‘ছায়াৰা’ৰ বাবে আনীত পাড্ডাই লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
আদিত্য ধৰে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মৌলিক কাহিনী, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সংলাপৰ বঁটা লাভ কৰে। ইয়াৰ উপৰি চিনেমাটোগ্ৰাফী, সম্পাদনা, সংগীত পৰিচালনা, শব্দ সংযোজন আৰু পাৰ্শ্ব চৰিত্ৰৰ অভিনয়ৰ বাবেও ছবিখনে বঁটা লাভ কৰে।
ডিজিটেল শিতানত আৰিয়ান খানৰ পৰিচালনাৰে আত্মপ্ৰকাশ কৰা ‘দ্য বেডছ অৱ বলীউড’য়ে শ্ৰেষ্ঠ ৱেব ছিৰিজৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰে।
IIFA Awards 2026ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা
জনপ্ৰিয় শিতান
শ্ৰেষ্ঠ ছবি: ‘ধুৰন্ধৰ’ — জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰ
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি: ‘Avatar: Fire & Ash’ — 20th Century Studios, জন লাণ্ডাউ আৰু জেমছ কেমেৰন
শ্ৰেষ্ঠ পৰিচালক: আদিত্য ধৰ — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ অভিনেতা: ৰণবীৰ সিং — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ অভিনেত্ৰী: আনীত পাড্ডা — ‘ছায়াৰা’
শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতা: সঞ্জয় দত্ত — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী: হুমা কুৰেশ্বী — ‘Jolly LLB 3’
শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰৰ অভিনেতা: অক্ষয় খান্না — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ সংগীত পৰিচালনা: শাশ্বত সচদেৱ — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ মৌলিক কাহিনী: আদিত্য ধৰ — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ ৰূপান্তৰিত কাহিনী: বশৰত পীৰ, সুমিত ৰয় আৰু নীৰজ ঘেৱান — ‘Homebound’
শ্ৰেষ্ঠ গীতিকাৰ: ইৰশ্বাদ কামিল — ‘ছায়াৰা’ৰ শীৰ্ষক গীত
শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী: ফহীম আব্দুল্লাহ — ‘ছায়াৰা’ৰ শীৰ্ষক গীত
শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী: শ্ৰেয়া ঘোষাল — ‘ছায়াৰা ৰিপ্ৰাইজ’
শ্ৰেষ্ঠ মহিলা অভিষেক: ৰাশা থাডানি — ‘Azaad’
শ্ৰেষ্ঠ পুৰুষ অভিষেক: আহান পাণ্ডে — ‘ছায়াৰা’
কাৰিকৰী শিতান
শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী: বিকাশ নৌলাখা — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ চিত্ৰনাট্য: আদিত্য ধৰ — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ সংলাপ: আদিত্য ধৰ — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ সম্পাদনা: শিৱকুমাৰ ভি. পানিকাৰ — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ নৃত্য পৰিচালনা: বস্কো লেছলি মাৰ্টিছ — ‘War 2’ৰ ‘Aavan Jaavan’ গীত
শ্ৰেষ্ঠ শব্দ সংযোজন: বিশ্বদীপ চেটাৰ্জী — ‘ধুৰন্ধৰ’
শ্ৰেষ্ঠ শব্দ মিশ্ৰণ: অলোক দে — ‘ছাভা’
শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক’ৰ: এ আৰ ৰহমান — ‘ছাভা’
শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ: Assemblage Entertainment আৰু Redefine — ‘ছাভা’
ডিজিটেল চলচ্চিত্ৰ শিতান
শ্ৰেষ্ঠ ছবি: ‘বাৰামুল্লা’
শ্ৰেষ্ঠ মৌলিক কাহিনী: ‘বাৰামুল্লা’
শ্ৰেষ্ঠ পৰিচালনা: কৰণ তেজপাল — ‘Stolen’
শ্ৰেষ্ঠ অভিনেতা (মুখ্য চৰিত্ৰ): অভিষেক বেনাৰ্জী — ‘Stolen’
শ্ৰেষ্ঠ অভিনেত্ৰী (মুখ্য চৰিত্ৰ): ছানিয়া মালহোত্ৰা — ‘Mrs’
শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী: মণিকা পনৱাৰ — ‘Nishaanchi 2’
শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতা: অৱিনাশ তিৱাৰী — ‘The Mehta Boys’
ডিজিটেল ৱেব ছিৰিজ শিতান
শ্ৰেষ্ঠ ৱেব ছিৰিজ: ‘The Ba*ds of Bollywood’ — Red Chillies Entertainment
শ্ৰেষ্ঠ পৰিচালনা: আৰিয়ান খান — ‘The Ba*ds of Bollywood’
শ্ৰেষ্ঠ অভিনেতা (মুখ্য চৰিত্ৰ): জয়দীপ আহলাৱট — ‘Paatal Lok Season 2’
শ্ৰেষ্ঠ অভিনেত্ৰী (মুখ্য চৰিত্ৰ): তিলোত্তমা শোমে — ‘Paatal Lok Season 2’
শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী: অনন্যা সিং — ‘The Ba*ds of Bollywood’
শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতা: ৰাঘৱ জুয়াল — ‘The Ba*ds of Bollywood’
শ্ৰেষ্ঠ মৌলিক কাহিনী: সুদীপ শৰ্মা, তমাল সেন, ৰাহুল কানোজিয়া আৰু অভিষেক বেনাৰ্জী — ‘Paatal Lok Season 2’
শ্ৰেষ্ঠ ডকু-ছিৰিজ/ডকু-ফিল্ম: ‘The Roshans’ — Netflix
শ্ৰেষ্ঠ ৰিয়েলিটি/নন-স্ক্ৰিপ্টেড শ্ব’: ‘The Traitors’ — BBC Studios, All3Media আৰু Prime Video
শ্ৰেষ্ঠ শীৰ্ষক গীত: উজ্জ্বল গুপ্তা — ‘The Ba*ds of Bollywood’ৰ ‘Number 1’
এইবাৰৰ IIFA Awardsত ‘ধুৰন্ধৰ’ৰ সৰ্বাধিক ১২টা বঁটা লাভে বিশেষ চৰ্চা লাভ কৰিছে। আনহাতে, অভিনয় আৰু ডিজিটেল মনোৰঞ্জনৰ বিভিন্ন শিতানত একাধিক শিল্পীৰ সফলতাই ২৬সংখ্যক IIFA Awardsক বিশেষ কৰি তুলিছে।
