ভাৰতীয় বায়ুসেনাৰ নতুন উপ-প্ৰধান হিচাপে নিযুক্তি লাভ ইন্দ্ৰপাল সিং ৱালিয়াৰ! ১ নৱেম্বৰৰ পৰা গ্ৰহণ কৰিব নতুন দায়িত্ব, বৰ্তমান ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুৰব্বী হিচাপে কৰ্মৰত ৱালিয়া

ভাৰতীয় বায়ুসেনাৰ নতুন উপ-প্ৰধান (Vice Chief of the Air Staff) হিচাপে নিযুক্তি লাভ কৰিছে এয়াৰ মাৰ্শ্বেল ইন্দ্ৰপাল সিং ৱালিয়াই। ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা তেওঁ এই গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব।

বৰ্তমান তেওঁ ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA)-ৰ প্ৰাক্তন শিক্ষাৰ্থী ইন্দ্ৰপাল সিং ৱালিয়াই ১৯৮৮ চনৰ ১১ জুনত ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ শাখাত বিষয়া হিচাপে যোগদান কৰিছিল। তেওঁ MiG-21, MiG-23, MiG-27, Jaguar আৰু Su-30 MKI যুঁজাৰু বিমানৰ সকলো সংস্কৰণ পৰিচালনাৰ প্ৰশিক্ষণপ্ৰাপ্ত।

প্ৰায় চাৰি দশকজোৰা কৰ্মজীৱনত তেওঁ বায়ুসেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ কমাণ্ড আৰু ষ্টাফ পদত কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ এটা ফ্ৰণ্টলাইন ফাইটাৰ স্কোৱাড্ৰনৰ কমাণ্ডাৰ, টেকটিকছ এণ্ড এয়াৰ কম্বেট ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (TACDE)-ৰ কমাণ্ডাৰ আৰু বেৰেলীৰ বায়ুসেনা ঘাটিৰ এয়াৰ অফিচাৰ কমাণ্ডিং হিচাপেও দায়িত্ব পালন কৰিছে।

ইয়াৰ উপৰি তেওঁ ব্ৰিটেইনত এডভান্সড কমাণ্ড এণ্ড ষ্টাফ কোৰ্ছ আৰু বাংলাদেশত নেচনেল ডিফেন্স কলেজ (NDC)-ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। ভাৰতীয় বায়ুসেনাৰ ডাইৰেক্টৰেট অৱ এয়াৰ ষ্টাফ ইন্সপেকচন (DASI)-ৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে জাপান আৰু দক্ষিণ কোৰিয়াত থকা ভাৰতীয় দূতাবাসত প্ৰতিৰক্ষা এটাশ্বে হিচাপেও দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

পঢ়া-শুনাৰ প্ৰতি বিশেষ আগ্ৰহী এয়াৰ মাৰ্শ্বেল ৱালিয়াৰ প্ৰতিৰক্ষা আৰু কৌশলগত অধ্যয়নৰ বিষয়ত তিনিটা স্নাতকোত্তৰ ডিগ্ৰী আছে। বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে তেওঁ ২০০৮ চনত বায়ু সেনা পদক (VM) আৰু ২০১৮ চনত অতি বিশিষ্ট সেৱা পদক (AVSM) লাভ কৰিছিল।

উল্লেখ্য যে, তেওঁ বৰ্তমানৰ উপ-প্ৰধান এয়াৰ মাৰ্শ্বেল আশুতোষ দীক্ষিতৰ স্থানত এই দায়িত্ব গ্ৰহণ কৰিব। আনহাতে, এয়াৰ মাৰ্শ্বেল আশুতোষ দীক্ষিতে ২০২৬ চনৰ ৩১ অক্টোবৰত ভাৰতীয় বায়ুসেনাৰ ২৯সংখ্যক মুৰব্বী (Chief of the Air Staff) হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি ৰাষ্ট্ৰীয় একতা দিৱস; দেশজুৰি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন

দেশজুৰি আজি ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক...