দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা। চলিত বৰ্ষৰ প্ৰথম ৮ মাহত দেশজুৰি ২১,৯০০টা ডিজিটেল এৰেষ্টৰ ঘটনা সংঘটিত হোৱাৰ লগতে চাইবাৰ অপৰাধীয়ে ৬৪৭ কোটি টকাতকৈ অধিক ধন লুট কৰাৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি নিজৰ স্থিতি স্পষ্ট কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

প্ৰৱঞ্চক চক্ৰই ভুৱা CBI, ED আৰু আৰক্ষীৰ বিষয়াৰ পৰিচয় দি WhatsApp কল আৰু ভিডিঅ’ কলৰ জৰিয়তে ভুক্তভোগীক আতংকিত কৰে। বিভিন্ন অপৰাধত জড়িত থকাৰ ভুৱা অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰৰ ভয় দেখুৱাই ধন আদায় কৰে প্ৰৱঞ্চকসকলে।

গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি, ২০২৪ চনত দেশজুৰি ১,২৩,৬৭২টা ডিজিটেল এৰেষ্টৰ ঘটনা সংঘটিত হৈছিল আৰু এই প্ৰৱঞ্চনাৰ জৰিয়তে ১,৯৩৫ কোটি টকা লুট কৰা হৈছিল। আনহাতে, ২০২৫ চনত ৫৮,২৩৯টা এনে ঘটনা সংঘটিত হোৱাৰ লগতে ১,২১১ কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হৈছিল।

চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলক সকাহ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে মানি ৰেষ্টোৰেশ্যন পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে প্ৰৱঞ্চনাৰে সৰকোৱা ধন উদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চলিত বৰ্ষৰ প্ৰথম ৮ মাহত পৰ্টেলৰ জৰিয়তে ৩৩২.৭ কোটি টকা উদ্ধাৰ কৰা হৈছে। ইয়াৰে ১১২.৯৬ কোটি টকা ভুক্তভোগীসকলক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ইফালে, মিউল একাউণ্টৰ জৰিয়তে প্ৰৱঞ্চনাৰ ধন সৰবৰাহ ৰোধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) পদক্ষেপ গ্ৰহণ কৰিছে। সন্দেহজনক বেংক লেনদেনৰ ওপৰত নজৰ ৰাখিবলৈ নতুন মানক কাৰ্যপদ্ধতি (SOP) প্ৰস্তুত কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা ভুৱা ইলেক্ট্ৰনিক বেংকিং লেনদেনৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ নতুন নিয়ম কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। এই নিয়মৰ অধীনত যোগ্য ভুক্তভোগীয়ে সৰ্বাধিক ২৫ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব পাৰিব।

আনহাতে, ১০ কোটি টকা বা তাতকৈ অধিক পৰিমাণৰ ডিজিটেল এৰেষ্ট প্ৰৱঞ্চনাৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIক দিয়াৰ নিৰ্দেশ দিয়া হৈছে। দীঘলীয়া ফোন কলৰ জৰিয়তে সংঘটিত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ‘কিল ছুইচ’ ব্যৱস্থাৰো প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ উপৰি, টেলিকম সংস্থাসমূহৰ কলৰ সময়সীমা ১৮০ মিনিটলৈ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

ডিজিটেল এৰেষ্টৰ নামত সংঘটিত চাইবাৰ অপৰাধ ৰোধ, প্ৰৱঞ্চনাৰ ধন উদ্ধাৰ আৰু ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ বিষয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰত দাখিল কৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...