চাকৰি কৰাৰ সপোন আধৰুৱা হৈয়ে ৰ’ল হিমাশ্ৰীৰ; অন্ধ্ৰপ্ৰদেশত নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ৰহস্যজনক মৃত্যু হিমাশ্ৰী বড়োৰ

অসমৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল এগৰাকী প্ৰতিভাৱান যুৱতী। কিন্তু ঘৰলৈ উভতি অহাৰ পথতেই ৰহস্যজনকভাৱে মৃত্যু ঘটিল মহানগৰীৰ চপাইডাঙৰ হিমাশ্ৰী বড়োৰ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমৰ ৰে’লপথৰ কাষৰ হাবিত উদ্ধাৰ হয় হিমাশ্ৰীৰ মৃতদেহ। যুৱতীগৰাকীৰ আকস্মিক মৃত্যুক লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

হিমাশ্ৰীৰ পৰিয়ালৰ ভাষ্য অনুসৰি, নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ বাবে অসমৰ SBJ Dance Event নামৰ এটা ইভেণ্টৰ জৰিয়তে ৮গৰাকী যুৱতী আৰু ২জন যুৱকসহ মুঠ ১০জনীয়া দল এটা অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। যোৱা ১৩ আগষ্টত দলটোৱে অসম এৰি অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হৈছিল। দলটোত আছিল হিমাশ্ৰীও। ৩০ ছেপ্টেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত এটা নৃত্যানুষ্ঠানতো হিমাশ্ৰীয়ে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ মতে, নৃত্যানুষ্ঠানৰ কাৰ্যসূচী শেষ হোৱাৰ পূৰ্বেই হিমাশ্ৰী ঘৰলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল। ৯ অক্টোবৰত SBIৰ এটা চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল তেওঁৰ। সেই উদ্দেশ্যে ৫ অক্টোবৰত অন্ধ্ৰপ্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে উভতিছিল হিমাশ্ৰী।

কিন্তু যাত্ৰাৰ সময়ত নিৰ্ধাৰিত ৰে’লখন সময়মতে ধৰিব নোৱাৰাত তেওঁ পৰৱৰ্তী এখন ৰে’লৰ সাধাৰণ শ্ৰেণীৰ ডবাত উঠি ঘৰলৈ যাত্ৰা কৰে। ৰে’লত উঠাৰ কিছু সময়লৈ পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগো আছিল হিমাশ্ৰীৰ।

প্ৰথমখন ৰে’ল ধৰিব নোৱাৰাৰ কথা তেওঁ কামাখ্যা গে’টৰ ওচৰত থকা বান্ধৱী জ্যোতি চৌধুৰীক জনাইছিল বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ। জ্যোতিয়ে হিমাশ্ৰীৰ বাবে টিকটৰ ব্যৱস্থা কৰাৰ লগতে তেওঁক ৰে’লত উঠাত সহায় কৰিবলৈ নিজৰ চিনাকি অবিনাশ নামৰ এজন যুৱকক ষ্টেচনলৈ পঠিয়াইছিল।

পৰিয়ালৰ দাবী অনুসৰি, ৰে’ল ষ্টেচনৰ CCTV ফুটেজত হিমাশ্ৰীৰ সৈতে অবিনাশক দেখা গৈছে। অৱশ্যে ইয়াৰ পিছত ৰে’লৰ ভিতৰত প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

পৰিয়ালৰ ভাষ্য অনুসৰি, ৰে’লৰ ডবাত থকা কেইজনমান যুৱকে হিমাশ্ৰীক অশ্লীল ইংগিত দিয়াৰ কথা তেওঁ বান্ধৱীক ফোনযোগে জনাইছিল। এই বিষয়ে হিমাশ্ৰীয়ে পৰিয়ালকো অৱগত কৰা বুলি জানিব পৰা গৈছে। ঘটনাটো সন্দৰ্ভত জ্যোতি আৰু পৰিয়ালে ৰে’ল বিভাগৰ হেল্পলাইন নম্বৰত ফোন কৰি অৱগত কৰাৰ কথাও প্ৰকাশ কৰিছে।

ইয়াৰ পিছৰ পৰাই হিমাশ্ৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ফোন কৰা হৈছিল যদিও মোবাইল ফোনটো ৰিং হৈ আছিল, কিন্তু কোনো সঁহাৰি পোৱা হোৱা নাছিল।

পৰিয়ালৰ মতে, মৃত্যুৰ পূৰ্বে হিমাশ্ৰীয়ে বান্ধৱীলৈ এটা বাৰ্তাও প্ৰেৰণ কৰিছিল। তাত তেওঁ ‘মোৰ বহুত ভয় লাগিছে, মোৰ কি হ’ব নাজানো। মোৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা’বুলি উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

এই বাৰ্তাই ঘটনাটোক অধিক ৰহস্যজনক কৰি তুলিছে। অৱশ্যে বাৰ্তাটো কেতিয়া আৰু কোন পৰিস্থিতিত প্ৰেৰণ কৰা হৈছিল, সেই বিষয়ে তদন্তৰ জৰিয়তে অধিক তথ্য পোহৰলৈ অহাৰ অপেক্ষা কৰা হৈছে।

ইফালে, প্ৰায় ১২ ঘণ্টা ধৰি হিমাশ্ৰীৰ কোনো সন্ধান নোপোৱাৰ পিছত পৰিয়ালে অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰে। পানীখাইটি আৰক্ষী চকীতো নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল।

অৱশেষত অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমৰ ৰে’লপথৰ কাষৰ হাবিত হিমাশ্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে। পিছত আৰক্ষীয়ে পৰিয়ালক এই বিষয়ে অৱগত কৰে।

আনহাতে, গুৱাহাটী অভিমুখে অহা ৰে’লখনৰ ডবাৰ পৰা হিমাশ্ৰীৰ দুটা বেগ আৰু কিছু নথিপত্ৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে। ৰে’ল আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীয়ে যাত্ৰা কৰা ৰে’লৰ CCTV ফুটেজ আৰু অন্যান্য তথ্য সংগ্ৰহ কৰি তদন্ত আগবঢ়াইছে।

হিমাশ্ৰীৰ মৃত্যুৰ পিছত পৰিয়ালে অবিনাশ নামৰ যুৱকজনৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, ৰে’ল ষ্টেচনত অবিনাশে হিমাশ্ৰীক ৰে’লৰ ডবাত উঠাত সহায় কৰিছিল আৰু তেওঁক জোৰকৈ ডবাত উঠাই দিয়াৰ অভিযোগো উত্থাপন হৈছে।

অৱশ্যে এই অভিযোগৰ সত্যতা এতিয়াও আৰক্ষীৰ তদন্তত প্ৰমাণিত হোৱা নাই। অবিনাশৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ লগতে ঘটনাৰ সময়ত তেওঁৰ প্ৰকৃত ভূমিকা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

ইফালে, ঘটনাৰ বিষয়ে বিভিন্ন প্ৰত্যক্ষদৰ্শী বা ৰে’লৰ যাত্ৰীক লৈও ভিন্ন ভিন্ন তথ্য পোহৰলৈ আহিছে। কোনোবাই হিমাশ্ৰীয়ে নিজে ৰে’লৰ পৰা জঁপিয়াই দিয়া বুলি কৈছে বুলি , আনহাতে কোনোবাই এজন যুৱকে তেওঁক ধৰি টানি নিয়াৰ কথা উল্লেখ কৰিছে। কোনো কোনো তথ্যত ষ্টেচনত এজন যুৱকে হিমাশ্ৰীৰ হাতত ধৰি টানি নিয়া বুলি উল্লেখ কৰিছে।

কিন্তু এই সকলোবোৰ বৰ্তমান অপ্ৰমাণিত বক্তব্য। কোনটো তথ্য সত্য, সেয়া CCTV ফুটেজ, ৰে’লৰ যাত্ৰীসকলৰ সাক্ষ্য, মোবাইল ফোনৰ তথ্য আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত আৰক্ষীৰ তদন্ততহে নিৰ্ধাৰণ হ’ব।

ইতিমধ্যে হিমাশ্ৰীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নৃত্যৰ দলটোৰ কেইবাগৰাকীও লোক অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হিমাশ্ৰীৰ মৃতদেহ অসমলৈ পঠিওৱা হ’ব বুলি জানিব পৰা গৈছে।

ৰাজ্য চৰকাৰেও মৃতদেহটো সোনকালে অসমলৈ অনাৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।

জীয়ৰীৰ আকস্মিক মৃত্যুত ভাগি পৰিছে হিমাশ্ৰীৰ মাতৃ। আবেগিক কণ্ঠে মাতৃয়ে কয় যে হিমাশ্ৰীৰ বহুত ডাঙৰ সপোন আছিল।

মাতৃৰ ভাষ্য অনুসৰি, চাকৰি কৰি এদিন নিজে উপাৰ্জন কৰি মাতৃক প্লেনত উঠোৱা, গাড়ীত উঠোৱা আৰু পৰিয়ালৰ বাবে এটা সুন্দৰ ভৱিষ্যৎ গঢ়াৰ সপোন আছিল হিমাশ্ৰীৰ। সেই সপোন পূৰণৰ বাবেই তেওঁ আগবাঢ়ি গৈছিল। কিন্তু সেই সপোনেই যেন আজি পৰিয়ালৰ বাবে এক গভীৰ বেদনাৰ কাৰণ হৈ পৰিল।

জীয়ৰীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন কৰি ন্যায় প্ৰদান কৰিবলৈ চৰকাৰ আৰু আৰক্ষীৰ ওচৰত আহ্বান জনাইছে হিমাশ্ৰীৰ মাতৃয়ে।

হিমাশ্ৰী বড়োৱে*বি. বৰুৱা কলেজৰ পৰা BBA সম্পূৰ্ণ কৰিছিল। পঢ়াৰ সমান্তৰালভাৱে নৃত্যৰ প্ৰতিও আছিল তেওঁৰ গভীৰ আগ্ৰহ। সেই প্ৰতিভাৰ বাবেই নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল।

এফালে নৃত্যৰ জগতত নিজকে আগুৱাই নিয়াৰ সপোন, আনফালে চাকৰি লাভ কৰি পৰিয়ালক সহায় কৰাৰ আকাংক্ষা—এই দুয়োটা সপোন লৈয়ে আগবাঢ়িছিল হিমাশ্ৰী। কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা ঘৰলৈ উভতি অহাৰ পথতেই সংঘটিত এই ঘটনাই এতিয়া বহু প্ৰশ্নৰ জন্ম দিছে।

হিমাশ্ৰী ৰে’লৰ পৰা কেনেকৈ তললৈ পৰিল? তেওঁ নিজে জঁপিয়াইছিল নেকি, নে কোনোবাই ঠেলি দিছিল? ৰে’লৰ ভিতৰত অশ্লীল ইংগিত দিয়াৰ অভিযোগৰ সৈতে ঘটনাটোৰ কোনো সম্পৰ্ক আছিল নেকি? ষ্টেচনত উপস্থিত অবিনাশৰ প্ৰকৃত ভূমিকা কি আছিল?
এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘গাটো ভাল লগা নাই…’ মৃত্যুৰ পূৰ্বে নিশা বন্ধুলৈ নানা পাটেকৰৰ শেষ বাৰ্তা

প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যুৰ নতুন...

‘মই মোদীক বিষ্ণুৰ অৱতাৰ হিচাপে দেখোঁ, তেওঁ ধৰ্ম পুনঃপ্ৰতিষ্ঠাৰ বাবে বিষ্ণুৰ শেষ অৱতাৰ’; ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং টবগে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং...

‘নাজানো, কাইলৈ জীয়াই থাকিম নে নাই…’ মৃত্যুৰ মাত্ৰ ৪ দিন পূৰ্বে জীৱনক লৈ কি কৈছিল নানা পাটেকাৰে?

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁৰ...