‘নাজানো, কাইলৈ জীয়াই থাকিম নে নাই…’ মৃত্যুৰ মাত্ৰ ৪ দিন পূৰ্বে জীৱনক লৈ কি কৈছিল নানা পাটেকাৰে?

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁৰ মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে দিয়া এটা ভাষণ। দেওবাৰে গোৱাৰ ডোনা পাওলাত অনুষ্ঠিত এক থিয়েটাৰ ক্লাবৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ জীৱন, মৃত্যু আৰু মানুহৰ দায়িত্বক লৈ গভীৰ মন্তব্য কৰিছিল অভিনেতাগৰাকীয়ে।

অনুষ্ঠানত থিয়েটাৰৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা উল্লেখ কৰাৰ পিছতে নানা পাটেকৰে জীৱনৰ দৰ্শনৰ বিষয়ে কথা কয়। নতুন প্ৰজন্মৰ শিল্পীসকলক সদায় নতুন কিবা এটা বিচাৰি যাবলৈ আৰু নিজৰ নীতি-আদৰ্শ তথা নিজস্ব শৈলী অটুট ৰাখিবলৈ পৰামৰ্শ দিয়ে তেওঁ।

ইয়াৰ পিছতে জীৱন আৰু মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি নানা পাটেকৰে কৈছিল, *“আমি সকলোৱে এদিন এই পৃথিৱীৰ পৰা যাব লাগিব। মই নাজানো, কাইলৈ মই এই পৃথিৱীত থাকিম নে নাই।”

তেওঁ লগতে কয়, জীৱনৰ অন্তিম পৰিণতি সকলোৰে বাবে নিশ্চিত। কিন্তু তাৰ পূৰ্বে প্ৰতিগৰাকী মানুহে নিজকে প্ৰশ্ন কৰা উচিত—আমি যি কৰিব বিচাৰিছিলোঁ, সেয়া কৰিব পাৰিলোঁনে? যিমানখিনি চেষ্টা কৰাৰ প্ৰয়োজন আছিল, সিমানখিনি সততাৰে চেষ্টা কৰিলোঁনে?

নানা পাটেকৰৰ মতে, যদি এজন মানুহৰ পৃথিৱী কেৱল নিজৰ পৰিয়াল আৰু ঘৰৰ চাৰিখন বেৰৰ মাজতে সীমাবদ্ধ হৈ থাকে, তেন্তে এই পৃথিৱীলৈ অহাৰ উদ্দেশ্য কি? সমাজ আৰু দেশৰ বাবেও প্ৰতিগৰাকী মানুহে কিবা নহয় কিবা এটা ঘূৰাই দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰিছিল।

কিন্তু কোনেও ভবা নাছিল, এই কথাখিনি কোৱাৰ মাত্ৰ চাৰি দিন পাছতেই নানা পাটেকৰে নিজেই মৃত্যুক আঁকোৱালি ল’ব। বৃহস্পতিবাৰে পুৱা গোৱাত থকা নিজ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৭৫ বছৰীয়া অভিনেতাগৰাকীক।

মৃত্যুৰ কেইদিনমান পূৰ্বে কৰা তেওঁৰ এই ভাষণ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে। জীৱন আৰু মৃত্যুক লৈ নানা পাটেকৰৰ সেই কথাই এতিয়া অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে গভীৰ আবেগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘গাটো ভাল লগা নাই…’ মৃত্যুৰ পূৰ্বে নিশা বন্ধুলৈ নানা পাটেকৰৰ শেষ বাৰ্তা

প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যুৰ নতুন...

‘মই মোদীক বিষ্ণুৰ অৱতাৰ হিচাপে দেখোঁ, তেওঁ ধৰ্ম পুনঃপ্ৰতিষ্ঠাৰ বাবে বিষ্ণুৰ শেষ অৱতাৰ’; ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং টবগে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা ভূটানৰ প্ৰধানমন্ত্ৰী শেৰিং...

চাকৰি কৰাৰ সপোন আধৰুৱা হৈয়ে ৰ’ল হিমাশ্ৰীৰ; অন্ধ্ৰপ্ৰদেশত নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ৰহস্যজনক মৃত্যু হিমাশ্ৰী বড়োৰ

অসমৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল এগৰাকী প্ৰতিভাৱান...