‘নাজানো, কাইলৈ জীয়াই থাকিম নে নাই…’ মৃত্যুৰ মাত্ৰ ৪ দিন পূৰ্বে জীৱনক লৈ কি কৈছিল নানা পাটেকাৰে?

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁৰ মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে দিয়া এটা ভাষণ। দেওবাৰে গোৱাৰ ডোনা পাওলাত অনুষ্ঠিত এক থিয়েটাৰ ক্লাবৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ জীৱন, মৃত্যু আৰু মানুহৰ দায়িত্বক লৈ গভীৰ মন্তব্য কৰিছিল অভিনেতাগৰাকীয়ে।

অনুষ্ঠানত থিয়েটাৰৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা উল্লেখ কৰাৰ পিছতে নানা পাটেকৰে জীৱনৰ দৰ্শনৰ বিষয়ে কথা কয়। নতুন প্ৰজন্মৰ শিল্পীসকলক সদায় নতুন কিবা এটা বিচাৰি যাবলৈ আৰু নিজৰ নীতি-আদৰ্শ তথা নিজস্ব শৈলী অটুট ৰাখিবলৈ পৰামৰ্শ দিয়ে তেওঁ।

ইয়াৰ পিছতে জীৱন আৰু মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি নানা পাটেকৰে কৈছিল, *“আমি সকলোৱে এদিন এই পৃথিৱীৰ পৰা যাব লাগিব। মই নাজানো, কাইলৈ মই এই পৃথিৱীত থাকিম নে নাই।”

তেওঁ লগতে কয়, জীৱনৰ অন্তিম পৰিণতি সকলোৰে বাবে নিশ্চিত। কিন্তু তাৰ পূৰ্বে প্ৰতিগৰাকী মানুহে নিজকে প্ৰশ্ন কৰা উচিত—আমি যি কৰিব বিচাৰিছিলোঁ, সেয়া কৰিব পাৰিলোঁনে? যিমানখিনি চেষ্টা কৰাৰ প্ৰয়োজন আছিল, সিমানখিনি সততাৰে চেষ্টা কৰিলোঁনে?

নানা পাটেকৰৰ মতে, যদি এজন মানুহৰ পৃথিৱী কেৱল নিজৰ পৰিয়াল আৰু ঘৰৰ চাৰিখন বেৰৰ মাজতে সীমাবদ্ধ হৈ থাকে, তেন্তে এই পৃথিৱীলৈ অহাৰ উদ্দেশ্য কি? সমাজ আৰু দেশৰ বাবেও প্ৰতিগৰাকী মানুহে কিবা নহয় কিবা এটা ঘূৰাই দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰিছিল।

কিন্তু কোনেও ভবা নাছিল, এই কথাখিনি কোৱাৰ মাত্ৰ চাৰি দিন পাছতেই নানা পাটেকৰে নিজেই মৃত্যুক আঁকোৱালি ল’ব। বৃহস্পতিবাৰে পুৱা গোৱাত থকা নিজ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৭৫ বছৰীয়া অভিনেতাগৰাকীক।

মৃত্যুৰ কেইদিনমান পূৰ্বে কৰা তেওঁৰ এই ভাষণ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে। জীৱন আৰু মৃত্যুক লৈ নানা পাটেকৰৰ সেই কথাই এতিয়া অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে গভীৰ আবেগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী । শিক্ষাৰ্থীৰ...

ভুৱা অসুস্থতাৰ অভিনয়, জে’লৰক্ষীক আক্ৰমণ, চাবি কাঢ়ি লৈ মূল দুৱাৰ খুলি পলায়ন! তামিলনাডুত আজৱ কাণ্ড

তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড।...

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...