মিজোৰামৰ চিকিৎসা ক্ষেত্ৰত নতুন মাইলৰ খুঁটি; আইজল চিভিল হাস্পতালত প্ৰথমবাৰৰ বাবে লিডলেছ পেচমেকাৰ সংস্থাপন

মিজোৰামে উন্নত হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। আইজল চিভিল হাস্পতালত সফলভাৱে ৰাজ্যখনৰ প্ৰথমটো লিডলেছ পেচমেকাৰ সংস্থাপন কৰা হৈছে।

সোমবাৰে ডাঃ লনচি ভি. লালজাৰলিয়ানা আৰু ডাঃ ইছাক লাল্লাৱমকিমাৰ নেতৃত্বত হৃদৰোগ বিশেষজ্ঞৰ এটা দলে এই চিকিৎসা সম্পন্ন কৰে। কলকাতাৰ এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ ডাঃ উদয় শংকৰ দাসৰ নিৰ্দেশনাত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে, ২০২৫ চনত ৰাজ্যখনৰ সৰ্ববৃহৎ চৰকাৰী হাস্পতালখনত কাৰ্ডিয়াক কেথেটাৰাইজেচন (Cath) লেবৰেটৰী স্থাপন কৰাৰ মাত্ৰ এবছৰৰ ভিতৰতে এই নতুন সফলতা লাভ কৰিছে মিজোৰামে।

পৰম্পৰাগত পেচমেকাৰৰ বিপৰীতে লিডলেছ পেচমেকাৰ কেথেটাৰৰ জৰিয়তে ফেম’ৰেল শিৰাৰে পোনপটীয়াকৈ হৃদযন্ত্ৰৰ ভিতৰত সংস্থাপন কৰা হয়। ইয়াৰ ফলত ছালৰ তলত অস্ত্ৰোপচাৰৰ জৰিয়তে পেচমেকাৰৰ বাবে পৃথক পকেট তৈয়াৰ কৰাৰ লগতে ৰক্তনলীৰ মাজেৰে লিড সংযোগ কৰাৰ প্ৰয়োজন নহয়। ফলত চিকিৎসা প্ৰক্ৰিয়াটো তুলনামূলকভাৱে কম আক্রমণাত্মক।

এই চিকিৎসাত ব্যৱহাৰ কৰা Abbott AVEIR VR লিডলেছ পেচমেকাৰৰ বেটাৰীৰ কাৰ্যক্ষমতা ১৮–২১ বছৰতকৈ অধিক বুলি জানিব পৰা গৈছে। আনহাতে, বহুতো পৰম্পৰাগত পেচমেকাৰৰ বেটাৰী সাধাৰণতে প্ৰায় ৯–১১ বছৰলৈকে চলে।

৬৭ বছৰীয়া এগৰাকী পেঞ্চনাৰক Mizo Universal Health Care Scheme (MUHCS)ৰ অধীনত এই চিকিৎসা প্ৰদান কৰা হয়।

স্বাস্থ্য মন্ত্ৰী লালৰিনপুইীয়ে এই সফলতাক আইজল চিভিল হাস্পতালত হৃদৰোগ চিকিৎসা সেৱা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। লগতে মিজোৰামৰ ৰোগীসকলৰ বাবে ৰাজ্যখনৰ ভিতৰতে উন্নত হৃদৰোগ চিকিৎসা লাভৰ সুবিধা অধিক সম্প্ৰসাৰিত হ’ব বুলি আশা প্ৰকাশ কৰে।

মিজোৰামত প্ৰথমবাৰৰ বাবে লিডলেছ পেচমেকাৰ সংস্থাপনৰ এই সফলতাই ৰাজ্যখনৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থাত বিশেষায়িত হৃদৰোগ চিকিৎসাৰ সক্ষমতা অধিক শক্তিশালী কৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাল নথিৰে ৪০ লাখ টকাৰ বেংক ঋণ কেলেংকাৰী; CIDৰ জালত মূল অভিযুক্ত জান শইকীয়াসহ তিনিজন

জাল নথিপত্ৰ ব্যৱহাৰ কৰি বাহন ক্ৰয়ৰ নামত বেংকৰ পৰা...

এটা সোণালী যুগৰ অৱসান; আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছি

২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ অন্ত পেলাই আৰ্জেণ্টিনাৰ জাৰ্চিত...

ভাৰতীয় বায়ুসেনাই লাভ কৰিলে নতুন মুৰব্বী, ৩১ অক্টোবৰত দায়িত্ব ল’ব এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে

এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতক ভাৰতীয় বায়ুসেনাৰ (IAF) পৰৱৰ্তী Chief...

এম্বুলেন্সতো চোৰৰ চাফাই অভিযান; মাজুলী–নিমাতী ১০৮ নৌকা এম্বুলেন্সত চুৰি

মাজুলী–নিমাতী সংযোগী ১০৮ নৌকা এম্বুলেন্সৰ পৰা চুৰি হ’ল দুটা...