এম্বুলেন্সতো চোৰৰ চাফাই অভিযান; মাজুলী–নিমাতী ১০৮ নৌকা এম্বুলেন্সত চুৰি

মাজুলী–নিমাতী সংযোগী ১০৮ নৌকা এম্বুলেন্সৰ পৰা চুৰি হ’ল দুটা বেটাৰী আৰু দুটা GPS। নিশাৰ ভাগত চোৰে দীৰ্ঘদিন ধৰি বিকল হৈ থকা নৌকা এম্বুলেন্সখনত প্ৰৱেশ কৰি সামগ্ৰীসমূহ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত ১০৮ সেৱাৰ কৰ্মচাৰীয়ে বনগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। GPS চুৰি হোৱাৰ ফলত ১০৮ নৌকা সেৱাৰ কৰ্মচাৰীসকলে বৰ্তমান উপস্থিতি (Attendance) দিব পৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, মাজুলী–নিমাতী জলপথত সেৱা আগবঢ়োৱা মুঠ তিনিখন নৌকা এম্বুলেন্সৰ ভিতৰত দুখনেই দীৰ্ঘদিন ধৰি বিকল হৈ আছিল। সেই বিকল নৌকা এম্বুলেন্সৰ পৰাই বেটাৰী আৰু GPS চুৰি হোৱা ঘটনাই সেৱাৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...