গুৱাহাটীৰ নীতি-নিয়ম নমনা বাৰসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে আবকাৰী বিভাগ। নিশা মহানগৰীৰ একাংশ বাৰত অভিযান চলাই নিৰ্ধাৰিত সময়ত বাৰসমূহ বন্ধ কৰা হৈছে নে নাই, সেয়া পৰীক্ষা কৰে বিভাগীয় বিষয়াই।
জু-ৰোড, গণেশগুৰি আৰু কাহিলীপাৰাৰ বিভিন্ন বাৰত নিশা অভিযান চলায় আবকাৰী বিভাগে। নিৰ্ধাৰিত সময়ৰ পাছতো বাৰ খোলা ৰখা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে বিভাগটোৱে।
আবকাৰী বিভাগৰ এই অভিযান কেৱল এদিনতে সীমাবদ্ধ নাথাকিব। গুৱাহাটীৰ বিভিন্ন বাৰত প্ৰতিনিশাই চলিব অভিযান। নিয়ম উলংঘা কৰা বাৰসমূহৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
