ডিব্ৰুগড়ত উৎকোচ লোৱাৰ অভিযোগত লোক নিৰ্মাণ বিভাগৰ (গৃহ মণ্ডল) সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ দলে।
ডিব্ৰুগড়ৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে অভিযান চলাই অভিযন্তাজনক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, ঠিকাদাৰৰ বিল পাছ তথা বিল মুকলি কৰাৰ নামত বাগলাৰীয়ে ৩০ হাজাৰ টকা উৎকোচ লৈছিল।
অভিযোগ লাভ কৰাৰ পাছতে ভিজিলেঞ্চৰ দলটোৱে কাৰ্যালয়টোত অভিযান চলায়। অভিযানৰ পাছত মৃদুল বাগলাৰীৰ বাসগৃহৰ পৰাও ১ লাখ ৭০ হাজাৰ টকা জব্দ কৰা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, ঠিকাদাৰৰ বিল মুকলিৰ নামত বাগলাৰীয়ে বিভিন্ন সময়ত মোটা অংকৰ ধন দাবী কৰিছিল। আনকি বিহু-পূজাৰ সময়তো ঠিকাদাৰৰ পৰা ‘মাননী’ লোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, বুধবাৰে উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে ভিজিলেঞ্চৰ অভিযানত হাতে-লোটে ধৰা পৰে অভিযন্তাজন। ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি হৈছে।
