উৎকোচৰ টকা লৈ বিপাঙত অভিযন্তা; CM ভিজিলেঞ্চৰ জালত মৃদুল বাগলাৰী

ডিব্ৰুগড়ত উৎকোচ লোৱাৰ অভিযোগত লোক নিৰ্মাণ বিভাগৰ (গৃহ মণ্ডল) সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ দলে।

ডিব্ৰুগড়ৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে অভিযান চলাই অভিযন্তাজনক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, ঠিকাদাৰৰ বিল পাছ তথা বিল মুকলি কৰাৰ নামত বাগলাৰীয়ে ৩০ হাজাৰ টকা উৎকোচ লৈছিল।

অভিযোগ লাভ কৰাৰ পাছতে ভিজিলেঞ্চৰ দলটোৱে কাৰ্যালয়টোত অভিযান চলায়। অভিযানৰ পাছত মৃদুল বাগলাৰীৰ বাসগৃহৰ পৰাও ১ লাখ ৭০ হাজাৰ টকা জব্দ কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, ঠিকাদাৰৰ বিল মুকলিৰ নামত বাগলাৰীয়ে বিভিন্ন সময়ত মোটা অংকৰ ধন দাবী কৰিছিল। আনকি বিহু-পূজাৰ সময়তো ঠিকাদাৰৰ পৰা ‘মাননী’ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে, বুধবাৰে উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে ভিজিলেঞ্চৰ অভিযানত হাতে-লোটে ধৰা পৰে অভিযন্তাজন। ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...