মহানগৰীৰ ভেটাপাৰাৰ ব্ৰহ্মপুত্ৰ হাউছিং ছচাইটিত গড়চুক আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে।
আৰক্ষীৰ অভিযানত প্ৰায় ৭০টা মোবাইল ফোন, বৃহৎ সংখ্যক আইডি, পেনড্ৰাইভ, ষ্টাম্প আৰু চেকবুক জব্দ কৰা হৈছে। ইয়াৰ উপৰি বৃহৎ পৰিমাণৰ নগদ ধনো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জিল্লাত আলম আৰু তাহিদ ৰাজীৱ আলম নামৰ দুজন লোকক আটক কৰিছে। দুয়োজনেই চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, আটকাধীন দুয়োজন লোকে বিগত প্ৰায় ৮ বছৰ ধৰি ব্ৰহ্মপুত্ৰ হাউছিং ছচাইটিটোৰ উক্ত ফ্লেটটোত বাস কৰি আহিছিল। দুয়োজনৰে ঘৰ বিলাসীপাৰাত বুলি জানিব পৰা গৈছে।
জব্দ কৰা মোবাইল ফোন, নথি-পত্ৰ, পেনড্ৰাইভ, ষ্টাম্প, চেকবুক আৰু নগদ ধনৰ উৎস তথা দুয়োজনৰ চাইবাৰ অপৰাধৰ সৈতে সম্পৰ্ক আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
