অসমৰ ‘আইৰণ লেডী’ সংযুক্তা পৰাশৰৰ CRPFৰ এলিট CoBRA বাহিনীৰ প্ৰথমগৰাকী মহিলা মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ

নতুন দায়িত্বত অসমৰ জ্যেষ্ঠ IPS বিষয়া সংযুক্তা পৰাশৰ। Commando Battalion for Resolute Action (CoBRA) বাহিনীৰ মহাপৰিদৰ্শক (IG) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ২০০৬ বেটচৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়াগৰাকীয়ে। এই নিযুক্তিৰ জৰিয়তে CoBRAৰ ১০টা বেটেলিয়নৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে সংযুক্তা পৰাশৰ।

অসমত উগ্ৰপন্থী বিৰোধী অভিযান আৰু বিভিন্ন কঠিন দায়িত্বত থাকি নেতৃত্ব প্ৰদান কৰি সংযুক্তা পৰাশৰে নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিছিল। সেই সময়ছোৱাত তেওঁৰ দৃঢ়তা আৰু অভিযানমূলক নেতৃত্বৰ বাবে তেওঁ ‘আইৰণ লেডী অৱ অসম’ হিচাপে পৰিচিত হৈছিল।

গুৱাহাটীৰ হলী চাইল্ড স্কুলৰ পৰা প্ৰৱেশিকা আৰু নাৰেংগীৰ আৰ্মি স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ ইন্দ্ৰপ্ৰস্থ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত উচ্চ শিক্ষা গ্ৰহণ কৰে। ২০০৬ চনৰ UPSC অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয় ৮৫সংখ্যক স্থান লাভ কৰি তেওঁ IPSত যোগদান কৰে।

সঞ্জুক্তা পৰাশৰে National Investigation Agency (NIA)তো DIG হিচাপে দায়িত্ব পালন কৰিছে। NIAত কৰ্মৰত সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা, সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থাৰ সৈতে জড়িত গোচৰৰ তদন্ত তথা বিভিন্ন নিৰাপত্তা সংস্থাৰ সৈতে সমন্বয়ৰ অভিজ্ঞতা অৰ্জন কৰে।

আনহাতে, CoBRA হৈছে CRPFৰ অন্যতম আৰু বিশেষ অভিযানকাৰী বাহিনী। ঘন অৰণ্যত জংঘল যুদ্ধ, গেৰিলা অভিযান, এম্বুশ আৰু কাউণ্টাৰ-এম্বুশ, IEDৰ মোকাবিলা আৰু চোৰাংচোৱা-ভিত্তিক অভিযান চলোৱাৰ বাবে বাহিনীটোৰ কমাণ্ডোসকলক বিশেষ প্ৰশিক্ষণ দিয়া হয়।

ছত্তীশগড়, ঝাৰখণ্ড, ওড়িশা আৰু মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্যত মাওবাদীবিৰোধী অভিযানত CoBRAই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সংযুক্তা পৰাশৰৰ পূৰ্বৰ উগ্ৰপন্থাবিৰোধী অভিযানৰ অভিজ্ঞতা আৰু NIAত লাভ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ জ্ঞান নতুন দায়িত্বত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যজুৰি আছুৰ ড্ৰাগছ বিৰোধী সজাগতা সমদল

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি সজাগতা সমদল উলিয়ালে সদৌ অসম...

এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...