উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পাইলটসহ মুঠ ৬জন লোক আছিল হেলিকপ্টাৰখনত। ব্যক্তিগত সংস্থা Trans Bharat Aviation Pvt Ltd-ৰ মালিকানাধীন হেলিকপ্টাৰখনে বদ্ৰীনাথৰ পৰা দুপৰীয়া প্ৰায় ১ বাজি ১৪ মিনিটত ডেৰাডুন অভিমুখে উৰা মাৰিছিল।

বিষয়াই প্ৰকাশ কৰা মতে, যোশীমঠ উপত্যকাৰ ওপৰেৰে উৰি থকাৰ সময়তে হেলিকপ্টাৰখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়। বৰ্তমানলৈকে হেলিকপ্টাৰ খনৰ সঠিক অৱস্থান নিশ্চিত কৰিব পৰা হোৱা নাই বুলি উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন প্ৰাধিকৰণে জানিবলৈ দিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়া মতে, ছাইএন (Chaien) গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে হেলিকপ্টাৰখন।

ঘটনাস্থলীত জিলা প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF)-এ যৌথভাৱে উদ্ধাৰ অভিযান চলাই আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে বুলিও উল্লেখ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...

গুৱাহাটী হোটেল হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ ৰহস্যজনক আচৰণ! সাউকুচিৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ ঋণ আৰু ব্যৱসায়ৰ নথি

গুৱাহাটীস্থিত হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত...