২ অক্টোবৰত পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান; পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহৰ নৈসৰ্গিক সৌন্দৰ্য

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনাই পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব। বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীয়ে বৰপেটা ৰোডত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে।

বাৰিষাৰ সময়ছোৱাত বন্যজন্তু আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সাময়িকভাৱে বন্ধ ৰখা হৈছিল। চাৰি মাহৰ বিৰতিৰ অন্তত অহা ২ অক্টোবৰত উদ্যানখন পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উদ্যানখন মুকলিৰ পূৰ্বে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী। ইয়াৰ লগতে বনমন্ত্ৰীগৰাকী আৰু বিটিচিৰ বন বিষয়াসকলৰ উপস্থিতিত এখন বিশেষ সন্মিলনো অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...