২০২৯ চনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDA-ৰ শাসনত থকা ২১খন ৰাজ্যত উমৈহতীয়া দেৱানী বিধি (UCC) ৰূপায়ণ কৰা হ’ব বুলি আত্মবিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বাহে কয় যে, ইতিমধ্যে কেইবাখনো ৰাজ্যত UCC প্ৰৱৰ্তন কৰা হৈছে আৰু পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে NDA-শাসিত সকলো ৰাজ্যতে ইয়াক সম্প্ৰসাৰিত কৰা হ’ব।
দেওবাৰে মুম্বাইত এখন সংবাদমেলত অমিত শ্বাহে কয় যে ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে UCC ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল। বিবাহ, উত্তৰাধিকাৰ আৰু বিবাহ বিচ্ছেদৰ দৰে বিষয়ত সকলো নাগৰিকৰ বাবে একে আইনগত ব্যৱস্থা প্ৰৱৰ্তন কৰাই দলটোৰ লক্ষ্য। জনজাতীয় লোকসকলে যাতে নিজৰ জাতিগত ৰীতি-নীতি, পৰম্পৰা আৰু পৰিচয় অটুট ৰাখিব পাৰে, তাৰ বাবে তেওঁলোকক UCC-ৰ পৰা ৰেহাই দিয়া হৈছে।
শ্বাহে কয়, “আমি কেইবাখনো ৰাজ্যত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰিছোঁ। মই আত্মবিশ্বাসী যে ২০২৯ৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDA-ৰ শাসনত থকা ২১খন ৰাজ্যতে UCC ৰূপায়ণ কৰিবলৈ আমি সক্ষম হ’ম।”
