২০২৯ৰ পূৰ্বে কোন কোন ৰাজ্যত ৰূপায়ণ হ’ব UCC? এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

২০২৯ চনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDA-ৰ শাসনত থকা ২১খন ৰাজ্যত উমৈহতীয়া দেৱানী বিধি (UCC) ৰূপায়ণ কৰা হ’ব বুলি আত্মবিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বাহে কয় যে, ইতিমধ্যে কেইবাখনো ৰাজ্যত UCC প্ৰৱৰ্তন কৰা হৈছে আৰু পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে NDA-শাসিত সকলো ৰাজ্যতে ইয়াক সম্প্ৰসাৰিত কৰা হ’ব।

দেওবাৰে মুম্বাইত এখন সংবাদমেলত অমিত শ্বাহে কয় যে ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে UCC ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল। বিবাহ, উত্তৰাধিকাৰ আৰু বিবাহ বিচ্ছেদৰ দৰে বিষয়ত সকলো নাগৰিকৰ বাবে একে আইনগত ব্যৱস্থা প্ৰৱৰ্তন কৰাই দলটোৰ লক্ষ্য। জনজাতীয় লোকসকলে যাতে নিজৰ জাতিগত ৰীতি-নীতি, পৰম্পৰা আৰু পৰিচয় অটুট ৰাখিব পাৰে, তাৰ বাবে তেওঁলোকক UCC-ৰ পৰা ৰেহাই দিয়া হৈছে।

শ্বাহে কয়, “আমি কেইবাখনো ৰাজ্যত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰিছোঁ। মই আত্মবিশ্বাসী যে ২০২৯ৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDA-ৰ শাসনত থকা ২১খন ৰাজ্যতে UCC ৰূপায়ণ কৰিবলৈ আমি সক্ষম হ’ম।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...