গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত বন্দীৰ অত্যধিক ভিৰ, পৰ্যাপ্ত শৌচাগাৰৰ অভাৱ, কাৰাবন্দীৰ স্বাস্থ্যজনিত সমস্যা আৰু মানসিক স্বাস্থ্য ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।
কাৰাগাৰৰ ভিতৰৰ পৰিস্থিতিৰ ভয়ংকৰ ছবিখন পোহৰলৈ অহাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈছে উচ্চ ন্যায়ালয়ে। তথ্য অনুসৰি, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী ৰখাৰ নিৰ্ধাৰিত সক্ষমতাতকৈ ২৭২গৰাকী অধিক বন্দী আছে। কাৰাগাৰখনত ১,৪০০গৰাকী বন্দী ৰখাৰ ক্ষমতা থকাৰ বিপৰীতে বৰ্তমান ১,৬৭২গৰাকী বন্দী আছে।
অত্যধিক বন্দীৰ ভিৰৰ ফলত কাৰাগাৰৰ একোটা সৰু কোঠাত ৪২ৰ পৰা ৪৫গৰাকী বন্দী একেলগে থাকিবলগীয়া হৈছে। আনকি অধিক সংখ্যক বন্দীয়ে এটা শৌচাগাৰেই ব্যৱহাৰ কৰিবলগীয়া হোৱা বুলি তথ্য পোহৰলৈ আহিছে। ফলত কাৰাগাৰৰ ভিতৰত বন্দীসকলৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
ইফালে, কাৰাগাৰত বন্দীসকলৰ স্বাস্থ্যজনিত সমস্যাৰ ছবিখনো উদ্বেগজনক। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৩১গৰাকী HIV পজিটিভ বন্দী আছে। ইয়াৰ উপৰি এগৰাকী TB আক্ৰান্ত বন্দী আৰু ১৯গৰাকী মানসিক ৰোগৰ চিকিৎসাধীন বন্দী আছে।
বিশেষকৈ বন্দীসকলৰ মানসিক স্বাস্থ্য ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত মানসিক ৰোগত চিকিৎসাধীন বন্দীসকলৰ বাবে কি ধৰণৰ চিকিৎসা আৰু কাউন্সেলিং ব্যৱস্থা আছে, সেই বিষয়টোও গুৰুত্বসহকাৰে পৰ্যালোচনা কৰিছে ন্যায়ালয়ে।
ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। বিগত ৫ বছৰত ২৭গৰাকী কাৰাবন্দীৰ আত্মহত্যা অথবা অস্বাভাৱিক মৃত্যু সংঘটিত হৈছে। এই ঘটনাসমূহে কাৰাগাৰৰ মানসিক স্বাস্থ্য ব্যৱস্থা আৰু বন্দীসকলৰ সুৰক্ষাক লৈও গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।
কাৰাগাৰৰ এনে পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰ কৰ্তৃপক্ষক বিস্তৃত শপতনামা দাখিলৰ নিৰ্দেশ দিছে।
বন্দীৰ সংখ্যা আৰু কাৰাগাৰৰ সক্ষমতা, বন্দীসকলৰ বাসস্থান, শৌচাগাৰৰ ব্যৱস্থা, স্বাস্থ্যসেৱা, HIV আৰু TB আক্ৰান্ত বন্দীৰ চিকিৎসা, মানসিক ৰোগত চিকিৎসাধীন বন্দীৰ বাবে থকা ব্যৱস্থা তথা বিগত পাঁচ বছৰত সংঘটিত আত্মহত্যা আৰু অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত কাৰাগাৰ কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিছে—সেই বিষয়ে শপতনামাত বিস্তৃত তথ্য দাখিল কৰিব লাগিব।
সামগ্ৰিকভাৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এই পৰিস্থিতিয়ে ৰাজ্যৰ কাৰাগাৰ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি, বন্দীৰ অত্যধিক ভিৰ আৰু বন্দীসকলৰ স্বাস্থ্য তথা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত থকা সমস্যাসমূহ পুনৰ পোহৰলৈ আনিছে। উচ্চ ন্যায়ালয়ৰ এই নিজাববীয়া গোচৰৰ পাছত কাৰাগাৰ কৰ্তৃপক্ষই কি তথ্য দাখিল কৰে আৰু সমস্যাসমূহ সমাধানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
