আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ চিন্তা, আদৰ্শ, মানৱীয়তা আৰু অসমৰ প্ৰতি থকা দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে আজিৰে পৰা ‘জুবিন সপ্তাহ’ পালন কৰিব অসম জাতীয় পৰিষদে।

১৩ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ প্ৰতিটো দিনতে জুবিন গাৰ্গৰ জীৱন-দৰ্শন আৰু কৰ্মৰ বিভিন্ন দিশক কেন্দ্ৰ কৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

অজাপৰ মতে, জুবিন গাৰ্গৰ চিন্তা, আদৰ্শ আৰু মানৱীয় প্ৰমূল্যক সমাজ জীৱনত আগুৱাই লৈ যোৱাটোৱেই হ’ব শিল্পীগৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

‘জুবিন সপ্তাহ’ৰ প্ৰথম দিনটো অৰ্থাৎ ১৩ ছেপ্টেম্বৰ ‘নাহৰৰ দিন’ হিচাপে পালন কৰি ‘এজোপা গছ জুবিনৰ নামত’ শীৰ্ষক কাৰ্যসূচীৰে ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে।

ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰ ‘মানৱতাৰ দিন’ হিচাপে ৰক্তদান শিবিৰ, ১৫ ছেপ্টেম্বৰ ‘কিতাপৰ দিন’, ১৬ ছেপ্টেম্বৰ ‘জনতাৰ দিন’ আৰু ১৭ ছেপ্টেম্বৰ ‘আমাৰ জুবিনদা’ শীৰ্ষক যুৱকেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

১৮ ছেপ্টেম্বৰ ‘জাতীয় সংকল্পৰ দিন’ হিচাপে ‘জুবিনৰ অসম—সুৰৰ পৰা সংকল্পলৈ’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বিপৰীতে ১৯ ছেপ্টেম্বৰ ‘জুবিন দিৱস’ হিচাপে পালন কৰা হ’ব।

অজাপৰ মতে, জুবিন গাৰ্গৰ স্মৃতিক কেৱল আবেগতে সীমাবদ্ধ নাৰাখি তেওঁৰ চিন্তা, আদৰ্শ আৰু মানৱীয় প্ৰমূল্যক সামাজিক তথা জাতীয় সংকল্পলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰেই এই ‘জুবিন সপ্তাহ’ পালন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...