শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক অভিযানত কমেও ৮০০টা শিশুক উদ্ধাৰ কৰে।
ৰাজ্যখনৰ মুঠ ৯৬২টা আৰক্ষী থানাৰ অধীনত এই অভিযান চলোৱা হয়। ইয়াৰ ভিতৰত বেংগালুৰুত সৰ্বাধিক ৫০৩টা শিশু উদ্ধাৰ কৰা হয়।
কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বেংগালুৰুৰ APMC বজাৰ পৰিদৰ্শন কৰাৰ সময়ত শিশু শ্ৰমিক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে সেই অঞ্চলৰ পৰা ২৯টা শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল।
আৰক্ষীয়ে জনোৱা মতে, অভিযান এতিয়াও অব্যাহত আছে আৰু আগলৈও চলিব। ইতিমধ্যে কেইবাটাও গোচৰত FIR পঞ্জীয়ন কৰাৰ লগতে কিছুমান প্ৰতিষ্ঠানক জাননী জাৰি কৰা হৈছে।
অভিযানত শ্ৰম বিভাগ আৰু শিশু কল্যাণ সমিতিৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। শিশু শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানৰ মালিকসকলৰ বিৰুদ্ধে Child and Adolescent Labour (Prohibition and Regulation) Act আৰু Juvenile Justice (Care and Protection of Children) Actৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
