আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ চিন্তা, আদৰ্শ, মানৱীয়তা আৰু অসমৰ প্ৰতি থকা দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে আজিৰে পৰা ‘জুবিন সপ্তাহ’ পালন কৰিব অসম জাতীয় পৰিষদে।

১৩ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ প্ৰতিটো দিনতে জুবিন গাৰ্গৰ জীৱন-দৰ্শন আৰু কৰ্মৰ বিভিন্ন দিশক কেন্দ্ৰ কৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

অজাপৰ মতে, জুবিন গাৰ্গৰ চিন্তা, আদৰ্শ আৰু মানৱীয় প্ৰমূল্যক সমাজ জীৱনত আগুৱাই লৈ যোৱাটোৱেই হ’ব শিল্পীগৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

‘জুবিন সপ্তাহ’ৰ প্ৰথম দিনটো অৰ্থাৎ ১৩ ছেপ্টেম্বৰ ‘নাহৰৰ দিন’ হিচাপে পালন কৰি ‘এজোপা গছ জুবিনৰ নামত’ শীৰ্ষক কাৰ্যসূচীৰে ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে।

ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰ ‘মানৱতাৰ দিন’ হিচাপে ৰক্তদান শিবিৰ, ১৫ ছেপ্টেম্বৰ ‘কিতাপৰ দিন’, ১৬ ছেপ্টেম্বৰ ‘জনতাৰ দিন’ আৰু ১৭ ছেপ্টেম্বৰ ‘আমাৰ জুবিনদা’ শীৰ্ষক যুৱকেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

১৮ ছেপ্টেম্বৰ ‘জাতীয় সংকল্পৰ দিন’ হিচাপে ‘জুবিনৰ অসম—সুৰৰ পৰা সংকল্পলৈ’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বিপৰীতে ১৯ ছেপ্টেম্বৰ ‘জুবিন দিৱস’ হিচাপে পালন কৰা হ’ব।

অজাপৰ মতে, জুবিন গাৰ্গৰ স্মৃতিক কেৱল আবেগতে সীমাবদ্ধ নাৰাখি তেওঁৰ চিন্তা, আদৰ্শ আৰু মানৱীয় প্ৰমূল্যক সামাজিক তথা জাতীয় সংকল্পলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰেই এই ‘জুবিন সপ্তাহ’ পালন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...