চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা BRICS নেতাসকলৰ নৈশভোজত অংশগ্ৰহণ নকৰিলে।

দীৰ্ঘ বিমান যাত্ৰাৰ পিছত ভাগৰুৱা আৰু সময়ৰ পাৰ্থক্যজনিত ক্লান্তিৰ বাবেই জিনপিঙে নৈশভোজত উপস্থিত নথকাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে দিনটোত তেওঁ BRICS সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয়।
নৈশভোজত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনসহ আন BRICS নেতাসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী আৰু কেইবাগৰাকীও মুখ্যমন্ত্ৰীও নৈশভোজত অংশ লয়। ইয়াৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছিল।
দুদিনীয়া BRICS সন্মিলনৰ আজি সামৰণি পৰিব। আজি প্ৰধানমন্ত্ৰী মোদীয়ে সাতখন দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা।
