তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আজি সংঘটিত এই দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দুৰ্ঘটনাটোত নিহত লোক দুজনক ৰাহুল ঘোষ আৰু চফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আনহাতে, নুৰজুল হাছান নামৰ এজন যুৱক এই ঘটনাত গুৰুতৰভাৱে আহত হয়। আহত নুৰজুল হাছানক দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, চফিকুল ইছলাম আৰু নুৰজুল হাছান এখন মটৰচাইকেলেৰে তীব্ৰ বেগেৰে আহি থকা সময়তে চাৰিমাইলত এজন চাইকেল আৰোহীক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত চাইকেল আৰোহী ৰাহুল ঘোষ গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।

ইফালে, মটৰচাইকেলখনত থকা চফিকুল ইছলামৰো দুৰ্ঘটনাস্থলীতে মৃত্যু ঘটে। ঘটনাটোত গুৰুতৰভাৱে আহত নুৰজুল হাছানক চিকিৎসাৰ বাবে নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...