তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আজি সংঘটিত এই দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দুৰ্ঘটনাটোত নিহত লোক দুজনক ৰাহুল ঘোষ আৰু চফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আনহাতে, নুৰজুল হাছান নামৰ এজন যুৱক এই ঘটনাত গুৰুতৰভাৱে আহত হয়। আহত নুৰজুল হাছানক দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, চফিকুল ইছলাম আৰু নুৰজুল হাছান এখন মটৰচাইকেলেৰে তীব্ৰ বেগেৰে আহি থকা সময়তে চাৰিমাইলত এজন চাইকেল আৰোহীক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত চাইকেল আৰোহী ৰাহুল ঘোষ গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।
ইফালে, মটৰচাইকেলখনত থকা চফিকুল ইছলামৰো দুৰ্ঘটনাস্থলীতে মৃত্যু ঘটে। ঘটনাটোত গুৰুতৰভাৱে আহত নুৰজুল হাছানক চিকিৎসাৰ বাবে নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছে।
