প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত থাকে এজন যুৱকক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ সময়তো কেমেৰাত ধৰা পৰিল তেওঁৰ ছবি। BRICS সন্মিলনৰ পাছতে ছ’চিয়েল মিডিয়াতো চৰ্চা লাভ কৰিছে এইগৰাকী বিষয়াই।

তেওঁ হৈছে সিদ্ধাৰ্থ বাবু, ভাৰতীয় বৈদেশিক সেৱা অৰ্থাৎ IFSৰ ২০১৭ বেটচৰ বিষয়া। বিদেশী ৰাষ্ট্ৰনেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকত Translator হিচাপে দায়িত্ব পালন কৰাই সিদ্ধাৰ্থ বাবুৰ পৰিচয়ৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। ভাষাৰ ব্যৱধান আঁতৰাই ভাৰতীয় নেতৃত্ব আৰু বিদেশী ৰাষ্ট্ৰনেতাসকলৰ মাজত যোগাযোগ স্থাপন কৰাত তেওঁ ভূমিকা পালন কৰি আহিছে।

২০২৬ৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানতো সিদ্ধাৰ্থ বাবুৰ উপস্থিতিয়ে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল। কৰ্তব্য পথৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী আৰু বিদেশী অতিথিৰ মাজত হোৱা কথোপকথনত Translatorৰ ভূমিকা পালন কৰা দেখা গৈছিল তেওঁক। সেই দৃশ্যৰ পাছতো সামাজিক মাধ্যমত ব্যাপক চৰ্চালৈ আহিছিল সিদ্ধাৰ্থ বাবু।

কিন্তু প্ৰধানমন্ত্ৰীৰ কাষত দেখা যোৱা এই যুৱকজনৰ কাহিনী কেৱল Translatorৰ ভূমিকাতে সীমাবদ্ধ নহয়। কেৰালামৰ কোচিত জন্ম আৰু ডাঙৰ-দীঘল হোৱা সিদ্ধাৰ্থ বাবুৱে মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল। শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ ব্যক্তিগত খণ্ডত, বিশেষকৈ ই-কমাৰ্চ ক্ষেত্ৰত কাম কৰিছিল। সেই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, কূটনীতি আৰু বিশ্ব ৰাজনীতিৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰে।

ইয়াৰ পাছতে আৰম্ভ হয় UPSCৰ প্ৰস্তুতি। প্ৰথমটো প্ৰচেষ্টাত সফলতা লাভ নকৰিলেও দ্বিতীয়বাৰ অধিক পৰিকল্পিতভাৱে পৰীক্ষাত অৱতীৰ্ণ হয় সিদ্ধাৰ্থ। ২০১৬ চনৰ Civil Services Examinationত তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ১৫সংখ্যক স্থান লাভ কৰে। তেওঁৰ ঐচ্ছিক বিষয় আছিল International Relations।

UPSCত ইমান ভাল স্থান লাভ কৰাৰ পাছত IAS বাছি লোৱাৰ সুযোগ থকাৰ পিছতো সিদ্ধাৰ্থ বাবুৱে বাছি ল’লে Indian Foreign Service। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু কূটনীতিৰ প্ৰতি থকা আগ্ৰহেই IFS বাছনি কৰাৰ অন্যতম কাৰণ আছিল। পৰৱৰ্তী সময়ত তেওঁ ২০১৭ বেটচৰ IFS বিষয়া হিচাপে সেৱাত যোগদান কৰে।

এগৰাকী কূটনীতিবিদ হিচাপে বিদেশনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সৈতে জড়িত কাম-কাজৰ উপৰি প্ৰধানমন্ত্ৰী আৰু বিদেশী ৰাষ্ট্ৰনেতাসকলৰ মাজত যোগাযোগৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সিদ্ধাৰ্থ বাবুৱে।

আন্তঃৰাষ্ট্ৰীয় কূটনীতিত ৰাষ্ট্ৰনেতাসকলৰ মাজৰ প্ৰতিটো শব্দৰ অৰ্থ আৰু প্ৰসংগ সঠিকভাৱে উপস্থাপন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেই দায়িত্ব পালন কৰা বিষয়াসকল সাধাৰণতে কেমেৰাৰ আঁৰতেই থাকে। কিন্তু গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহত প্ৰধানমন্ত্ৰীৰ কাষত সিদ্ধাৰ্থ বাবুৰ দৃশ্যমান উপস্থিতিয়ে তেওঁক এতিয়া জনসাধাৰণৰ মাজতো পৰিচিত মুখলৈ পৰিণত কৰিছে।

মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ পৰা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, তাৰ পাছত UPSCত সৰ্বভাৰতীয় ১৫সংখ্যক স্থান আৰু অৱশেষত ২০১৭ বেটচৰ IFS বিষয়া, সিদ্ধাৰ্থ বাবুৰ এই যাত্ৰাই এতিয়া নতুন চৰ্চা লাভ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাষত থিয় হৈ বিদেশী ৰাষ্ট্ৰনেতাসকলৰ সৈতে কথোপকথনত ভাষাৰ সেতু হিচাপে দেখা পোৱা এই বিষয়াজনেই হৈছে সিদ্ধাৰ্থ বাবু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...