৩৩ বছৰৰ পাছত কৰ্ণাটক উচ্চ ন্যায়ালয়ে আৱিষ্কাৰ কৰে যে এজন মৃত লোকে তৰিছিল গোচৰ

সাধাৰণতে কোনো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ নামত নতুনকৈ গোচৰ চলাটো কল্পনাই কৰিব নোৱাৰি। কিন্তু কৰ্ণাটকত পোহৰলৈ আহিল এনে এক ঘটনা, যিয়ে উচ্চ ন্যায়ালয়কো আশ্চৰ্যচকিত কৰি তুলিছে।

ঘটনাটো ৩৩ বছৰ পুৰণি এটা ভূমি বিবাদৰ। গোচৰটোত যাৰ নামত আবেদন দাখিল কৰা হৈছিল, সেই ব্যক্তি চি. মাৰিয়াপ্পাৰ মৃত্যু হৈছিল ১৯৮৮ চনৰ ৮ আগষ্টত। কিন্তু তেওঁৰ মৃত্যুৰ প্ৰায় পাঁচ বছৰৰ পিছত, ১৯৯৩ চনত তেওঁৰ নামতেই কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল।

বিষয়টো পোহৰলৈ অহাৰ পিছত ন্যায়াধীশ ই এছ ইন্দিৰেশে ঘটনাটোক ‘বৰ অদ্ভুত’ বুলি অভিহিত কৰে।

৪.২১ একৰ মাটিৰ বাবে ভূমি বিবাদ

বিবাদটো শ্ৰীৰংগপট্টণা তালুকৰ বেলাভাডী গাঁৱৰ প্ৰায় ৪.২১ একৰ ভূমিক লৈ।

১৯৮১ চনত লেণ্ড ট্ৰাইবুনেলে চি. নিংগাম্মাক উক্ত ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰিছিল। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ১৯৯৩ চনত মাৰিয়াপ্পাৰ নামত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হয়।

আশ্চৰ্যজনকভাৱে, সেই সময়লৈ মাৰিয়াপ্পাৰ মৃত্যু হৈ পাঁচ বছৰ পাৰ হৈছিল।

২০০১ চনৰ অক্টোবৰ মাহত উচ্চ ন্যায়ালয়ে আবেদনখন গ্ৰহণ কৰি বিষয়টো পুনৰ বিবেচনাৰ বাবে লেণ্ড ট্ৰাইবুনেললৈ ঘূৰাই পঠিয়ায়। পৰৱৰ্তী সময়ত লেণ্ড ট্ৰাইবুনেলৰ সিদ্ধান্তক মাৰিয়াপ্পাৰ আইনী উত্তৰাধিকাৰীসকলে পুনৰ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়।

‘মৃত ব্যক্তিৰ নামত কেনেকৈ দাখিল হ’ল গোচৰ?’

উত্তৰাধিকাৰীসকলে দাবী কৰে যে লেণ্ড ট্ৰাইবুনেলত তেওঁলোকৰ অনুপস্থিতিত শুনানি গ্ৰহণ কৰা হৈছিল আৰু ২০২৩ চনৰ মাৰ্চত সিদ্ধান্ত দিয়াৰ পূৰ্বে তেওঁলোকক যথোচিত সুযোগ দিয়া হোৱা নাছিল।

কিন্তু প্ৰতিপক্ষই মূল প্ৰশ্নটো উত্থাপন কৰে—১৯৮৮ চনতে মৃত্যু হোৱা মাৰিয়াপ্পাৰ নামত ১৯৯৩ চনত আবেদন দাখিল হ’ল কেনেকৈ?

উচ্চ ন্যায়ালয়েও এই প্ৰশ্নৰ যুক্তিযুক্ততা স্বীকাৰ কৰে। ন্যায়াধীশ ইন্দিৰেশে কয় যে এই সন্দৰ্ভত আবেদনকাৰীৰ অধিবক্তাৰ পৰা কোনো সন্তোষজনক ব্যাখ্যা পোৱা নগ’ল।

আদালতে লগতে লক্ষ্য কৰে যে পিছৰ প্ৰক্ৰিয়াসমূহতো মাৰিয়াপ্পাৰ মৃত্যুৰ তথ্য সম্পূৰ্ণ আৰু স্পষ্টভাৱে প্ৰকাশ কৰা হোৱা নাছিল। লেণ্ড ট্ৰাইবুনেলত তেওঁৰ কন্যা সুমালাম্মাই দাখিল কৰা এখন শপতনামাত কেৱল তেওঁ ‘বহুদিন পূৰ্বে’ মৃত্যুবৰণ কৰা বুলি উল্লেখ কৰিছিল; কিন্তু মৃত্যুৰ তাৰিখ উল্লেখ কৰা নাছিল।

‘Unclean Hands’ লৈ আদালতৰ কঠোৰ মন্তব্য

আদালতৰ মতে, আইনী উত্তৰাধিকাৰীসকলে গুৰুত্বপূৰ্ণ তথ্য সম্পূৰ্ণৰূপে প্ৰকাশ নকৰাকৈ গোচৰটো আগবঢ়াই লৈ গৈছিল।

ন্যায়ালয়ে স্পষ্টভাৱে কয় যে ‘unclean hands’ লৈ আদালতৰ কাষ চাপিলে সংবিধানৰ Article 226-ৰ অধীনত equitable relief বিচৰাৰ অধিকাৰ নাথাকে।

ইয়াৰ ফলত ২০০১ চনত উচ্চ ন্যায়ালয়ে দিয়া গোচৰটো লেণ্ড ট্ৰাইবুনেললৈ পুনৰ প্ৰেৰণৰ নিৰ্দেশৰ কোনো আইনী প্ৰভাৱ নাথাকিল বুলি আদালতে ঘোষণা কৰে।

১৯৮১ চনৰ সিদ্ধান্ত পুনৰ বাহাল

ফলস্বৰূপে, লেণ্ড ট্ৰাইবুনেলে ৯ নৱেম্বৰ, ১৯৮১ত নিংগাম্মাক প্ৰদান কৰা occupancy rights পুনৰ বাহাল হয় আৰু সেই সিদ্ধান্তই চূড়ান্ততা লাভ কৰে বুলি আদালতে ৰায় দিয়ে।

ইয়াৰ উপৰি মাৰিয়াপ্পাৰ আইনী উত্তৰাধিকাৰীসকলৰ আবেদন খাৰিজ কৰাৰ লগতে তেওঁলোকক ১০,০০০ টকা জৰিমনা হিচাপে কৰ্ণাটক ষ্টেট লিগেল ছাৰ্ভিচেছ অথৰিটীক জমা দিবলৈ নিৰ্দেশ দিয়ে।

৩৩ বছৰ পুৰণি এই ভূমি বিবাদে এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—মৃত্যুৰ পাঁচ বছৰৰ পিছত যদি কোনো ব্যক্তিৰ নামত গোচৰ আৰম্ভ হয়, তেন্তে সেই গোচৰৰ আইনী ভিত্তি কিমান শক্তিশালী হ’ব পাৰে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...

১.১০ লাখ কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন

ভাৰতীয় স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ সামৰিক সক্ষমতা অধিক...

ৰাসায়নিক কৃষিৰ বিকল্পৰ সন্ধানত অসমৰ পাঁচ উদ্যমী মহিলা

জৈৱিক পদ্ধতিৰে চাবোন, কেঁচুসাৰ, প্ৰাকৃতিক কীটনাশক আৰু বিভিন্ন খাদ্যসামগ্ৰী...

ভাৰতীয় সেনাত লেফটেনেন্ট হিচাপে নিযুক্তি যোৰহাটৰ অয়ন আবিৰ শৰ্মাৰ

যোৰহাটৰ সন্তান অয়ন আবিৰ শৰ্মাই ভাৰতীয় সেনাবাহিনীত লেফটেনেন্ট হিচাপে...