প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিধায়ক প্ৰদ্যুৎ বৰদলৈ, ৰূপক শৰ্মা, জয়ন্ত মল্লবৰুৱা আৰু দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।

বিজেপিৰ ওপৰত অগাধ বিশ্বাসঃ দেৱাশিস শৰ্মা

বিজেপিত যোগদান কৰি দেৱাশিস শৰ্মাই কয় যে তেওঁ প্ৰায় তিনি দশক চৰকাৰী চাকৰিয়াল হিচাপে কৰ্মৰত হৈ ৰাইজৰ সেৱাত ব্ৰতী আছিল। বিজেপিৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে যি গতিত কাম কৰিছে, সেই কাম তেওঁ বিষয়া হিচাপে কৰ্মৰত হৈ থাকোঁতেই প্ৰত্যক্ষ কৰিছে।

গুৰুজনাৰ জন্মস্থান হিচাপে নগাঁৱৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে নগাঁও তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ এতিয়ালৈকে নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচৰা নাই বুলি স্পষ্ট কৰি দি কয় যে প্ৰাৰ্থীত্ব বিচাৰিলে দলীয় নেতৃত্বই বিষয়টো বিবেচনা কৰিব।

নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ প্ৰস্তুতি

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি দেৱাশিস শৰ্মাৰ বিজেপিত যোগদানে বিশেষ তাৎপৰ্য বহন কৰিছে। তেওঁৰ প্ৰাৰ্থীত্বৰ সম্ভাৱনাক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া কয়, “নগাঁৱত আমি নিৰ্বাচন খেলিম, আমি জিকিবলৈ চেষ্টা কৰিম।” ডাবল ইঞ্জিনৰ চৰকাৰখনক শক্তিশালী কৰাৰ বাবে নগাঁওবাসীয়ে এইবাৰ বিজেপিক ভোট দিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

কংগ্ৰেছকো তীক্ষ্ণ প্ৰত্যুত্তৰ

কংগ্ৰেছৰ সমালোচনাৰ প্ৰসংগত দিলীপ শইকীয়াই কয় যে কংগ্ৰেছে সমালোচনা কৰক, বিজেপিয়ে উচিত প্ৰত্যুত্তৰ দিব। তিনি গগৈৰ কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ মানুহৰ স্মৃতিশক্তি দীঘলীয়া।

দেৱাশিস শৰ্মাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত তেওঁ কয় যে ৰকিবুল হুছেইনৰ অভিযোগৰ বিষয়ে তেওঁ অৱগত নহয়। কংগ্ৰেছত এনে পত্ৰ লিখি থকা বহু লোক আছে বুলি উল্লেখ কৰি তেওঁ কয়, “ৰকিবুল হুছেইনে লিখে যদি লিখি থাকক।”

নগাঁৱৰ ৰাইজৰ ওচৰত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কথা কোৱাৰ কোনো সমল নাই বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, ৰকিবুল হুছেইনৰ সন্দৰ্ভত অসমৰ ৰাইজে ইতিমধ্যে নিজৰ মতামত গঠন কৰিছে বুলিও শৰ্মাই কয়।

দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত দেৱাশিস শৰ্মাৰ লগতে প্ৰাক্তন সাংবাদিক লেনিন সৌৰভ বৰা আৰু গুঞ্জন কলিতায়ো বিজেপিত যোগদান কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিধায়ক প্ৰদ্যুৎ বৰদলৈ, ৰূপক শৰ্মা আৰু জয়ন্ত মল্লবৰুৱাও কাৰ্যসূচীত উপস্থিত থাকে।

নগাঁও উপ-নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন জিলা আয়ুক্তগৰাকীৰ বিজেপিত যোগদান আৰু সম্ভাব্য প্ৰাৰ্থীত্বক লৈ দলটোৰ ভিতৰে-বাহিৰে ৰাজনৈতিক সমীকৰণক লৈ চৰ্চা বৃদ্ধি পাইছে। দলীয় নেতৃত্বই অৱশ্যে এই পৰ্যন্ত তেওঁৰ প্ৰাৰ্থীত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩৩ বছৰৰ পাছত কৰ্ণাটক উচ্চ ন্যায়ালয়ে আৱিষ্কাৰ কৰে যে এজন মৃত লোকে তৰিছিল গোচৰ

সাধাৰণতে কোনো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ নামত নতুনকৈ গোচৰ...

১.১০ লাখ কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন

ভাৰতীয় স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ সামৰিক সক্ষমতা অধিক...

ৰাসায়নিক কৃষিৰ বিকল্পৰ সন্ধানত অসমৰ পাঁচ উদ্যমী মহিলা

জৈৱিক পদ্ধতিৰে চাবোন, কেঁচুসাৰ, প্ৰাকৃতিক কীটনাশক আৰু বিভিন্ন খাদ্যসামগ্ৰী...

ভাৰতীয় সেনাত লেফটেনেন্ট হিচাপে নিযুক্তি যোৰহাটৰ অয়ন আবিৰ শৰ্মাৰ

যোৰহাটৰ সন্তান অয়ন আবিৰ শৰ্মাই ভাৰতীয় সেনাবাহিনীত লেফটেনেন্ট হিচাপে...