ভাৰতীয় স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ সামৰিক সক্ষমতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰায় ১.১০ লাখ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন সামৰিক সঁজুলি ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত Defence Acquisition Council (DAC)-ৰ বৈঠকত এই ক্ৰয় প্ৰস্তাৱসমূহত Acceptance of Necessity (AoN) অৰ্থাৎ নীতিগতভাৱে প্ৰশাসনিক অনুমোদন প্ৰদান কৰা হয়।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, বিভিন্ন সামৰিক সঁজুলি ক্ৰয়ৰ বাবে মুঠ প্ৰায় ১,১০,০০০ কোটি টকাৰ প্ৰস্তাৱত AoN প্ৰদান কৰা হৈছে।
সেনাবাহিনীৰ বাবে অত্যাধুনিক সামৰিক সঁজুলি
ভাৰতীয় সেনাৰ বাবে Chemical, Biological, Radiological and Nuclear (CBRN) Recce Vehicles, High Mobility Vehicles (HMVs), Self-Propelled Mechanical Mine Layers (MMLs), Advanced Light Helicopters (ALHs), Trawl Tanks আৰু Sarvatra Bridge System ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।
CBRN Recce Vehicles-সমূহে ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পাৰমাণৱিক উপাদানৰ দ্বাৰা দূষিত অঞ্চল চিনাক্ত, পৰ্যবেক্ষণ আৰু চিহ্নিত কৰাত সহায় কৰিব।
আনহাতে, High Mobility Vehicles-এ কঠিন ভূখণ্ডত সেনাবাহিনীৰ অভিযান, লজিষ্টিক সহায় আৰু চলাচলৰ সক্ষমতা বৃদ্ধি কৰিব।
Advanced Light Helicopters-সমূহে বিভিন্ন ভূখণ্ড আৰু operational পৰিস্থিতিত ভাৰতীয় সেনা আৰু বায়ুসেনাৰ জটিল অভিযান সম্পাদনত সহায় কৰিব। Trawl Tanks আৰু Sarvatra Bridge System-ৰ জৰিয়তে বিভিন্ন ভূখণ্ডত অভিযান চলোৱাৰ সময়ত যুদ্ধৰত সেনা গোটসমূহক নদী বা অন্যান্য বাধা অতিক্ৰম কৰাত সহায় কৰা হ’ব।

নৌসেনাৰ বাবে Arudhra Radar আৰু Marine Gas Turbine
ভাৰতীয় নৌসেনাৰ বাবে Arudhra Radar ক্ৰয়ৰ লগতে Marine Gas Turbine (MGT)-ৰ ডিজাইন, উন্নয়ন আৰু পৰৱৰ্তী পৰ্যায়ত ক্ৰয়ৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হৈছে।

Arudhra Radar-সমূহে বিভিন্ন Naval Air Station-ত বৰ্তমান ব্যৱহৃত Air Route Surveillance Radar-ৰ স্থান ল’ব। আনহাতে, যুদ্ধজাহাজৰ propulsion system হিচাপে ব্যৱহৃত Marine Gas Turbine-ৰ দেশীয় উন্নয়নৰ জৰিয়তে বিদেশী বিক্ৰেতাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে।
বায়ুসেনাৰ যুদ্ধক্ষমতা বৃদ্ধিত গুৰুত্ব
ভাৰতীয় বায়ুসেনাৰ বাবে যুদ্ধবিমান, পৰিবহণ বিমান আৰু হেলিকপ্টাৰৰ যুদ্ধক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কেইবাটাও ক্ৰয় প্ৰস্তাৱত অনুমোদন দিয়া হৈছে।
ইয়াৰ উপৰি Ground-Based Multi-Purpose Jammers (GBMPJ) ক্ৰয় আৰু Defence Forces Secure Access Card System স্থাপনৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, GBMPJ-এ শত্ৰুপক্ষৰ ৰাডাৰৰ বিৰুদ্ধে কাৰ্যকৰী electronic jamming প্ৰদান কৰিবলৈ সক্ষম হ’ব।
৯৮ শতাংশ ক্ৰয় দেশীয় উদ্যোগৰ পৰা
এই বৃহৎ প্ৰতিৰক্ষা ক্ৰয়ৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে দেশীয় প্ৰতিৰক্ষা উদ্যোগক অগ্ৰাধিকাৰ দিয়া।
মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, অনুমোদিত মুঠ AoN-ৰ প্ৰায় ৯৮ শতাংশ সামৰিক সঁজুলি ভাৰতীয় উদ্যোগৰ পৰা ক্ৰয় কৰা হ’ব। ইয়াৰ ফলত দেশীয় প্ৰতিৰক্ষা উৎপাদন শক্তিশালী কৰাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
