প্ৰধানমন্ত্ৰী মোদীৰ সোণ ক্ৰয় হ্ৰাস কৰাৰ আহ্বানৰ পিছতে সোণৰ ষ্টকত ব্যাপক পতন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিতান্তই প্ৰয়োজন নহ’লে সোণ ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পিছতে সোণৰ ষ্টকসমূহৰ মূল্যত ব্যাপক পতন ঘটিছে। সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকেই ‘স্বদেশী’ আৰু ‘ভকেল ফৰ লোকেল’ৰ মন্ত্ৰ গ্ৰহণ কৰা উচিত। কেৱল আমোদ-প্ৰমোদৰ বাবে বিদেশ ভ্ৰমণ কৰা বা বিদেশত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে ‘ৱেডিংস্ক ইন ইণ্ডিয়া’ (Weddings in India) মন্ত্ৰৰে দেশৰ ভিতৰতে সকলো সম্পন্ন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ অতি প্ৰয়োজনীয় নহ’লে সোণ কিনাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দেশে যিমানেই স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাক অগ্ৰাধিকাৰ দিব, সিমানেই স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত যুৱপ্ৰজন্মৰ হাতত এখন ‘বিকশিত ভাৰত’ তুলি দিয়াৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে ভৱিষ্যত প্ৰজন্মৰ সপোন বাস্তৱায়িত হ’ব বুলি উল্লেখ কৰি তেওঁ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যবদ্ধ শক্তিৰে দেশক নতুন উচ্চতালৈ লৈ যাবলৈ সকলোকে এই সংকল্পৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...