বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ ছেমিফাইনেলত চেণ্ট্ৰল জ’নৰ বিৰুদ্ধে ইষ্ট জ’নৰ অধিনায়কৰ দায়িত্ব লাভ কৰিলে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে। বিহাৰৰ সমষ্টিপুৰৰ উদীয়মান বাঁওহতীয়া অ’পেনাৰজনে প্ৰথমে ইষ্ট জ’নৰ উপ-অধিনায়ক হিচাপে খেলপথাৰত নামিছিল। কিন্তু নিয়মীয়া অধিনায়ক ঈশান কিষাণ আঘাতপ্ৰাপ্ত হৈ খেলপথাৰৰ বাহিৰলৈ যোৱাৰ পিছতে হঠাৎ বৈভৱৰ কান্ধত পৰে অধিনায়কৰ দায়িত্ব। চেণ্ট্ৰেল জ’নৰ ইনিংছৰ ১৯ সংখ্যক অভাৰৰ সময়ত কিষাণে খেলপথাৰ এৰিবলগীয়া হোৱাত বৈভৱে ইষ্ট জ’নৰ নেতৃত্ব গ্ৰহণ কৰে। ইয়াৰ লগে লগে ছিনিয়ৰ পুৰুষৰ এটা দলক প্ৰথমবাৰৰ বাবে অধিনায়কত্ব কৰাৰ সুযোগ লাভ কৰে মাত্ৰ ১৫ বছৰ বয়সতে।
উল্লেখ্য, উইকেট কীপিং কৰি থকাৰ সময়ত ঈশান কিষাণৰ সোঁ হাতত বল লাগিছিল। লগে লগে দলৰ ফিজিঅ’ই তেওঁক চিকিৎসা প্ৰদান কৰে। পৰৱৰ্তী সময়ত অধিক পৰীক্ষাৰ বাবে কিষাণে খেলপথাৰ এৰিবলগীয়া হয়। পিছত হাতত বেণ্ডেজ বান্ধি তেওঁ খেলপথাৰলৈ উভতি আহে যদিও উইকেটকীপিঙৰ দায়িত্ব গ্ৰহণ কৰে তেওঁৰ ঝাৰখণ্ডৰ সতীৰ্থ কুমাৰ কুশাগ্ৰাই।
কিষাণ খেলপথাৰত নথকাৰ সুযোগতে উপ-অধিনায়ক বৈভৱ সূৰ্যবংশীয়ে দলৰ নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰে। মাত্ৰ কেইদিনমান পূৰ্বে ইষ্ট জ’নৰ উপ-অধিনায়ক হিচাপে তেওঁৰ নিযুক্তিয়ে যথেষ্ট চৰ্চা লাভ কৰিছিল। অৱশ্যে নিৰ্বাচকসকলে স্পষ্ট কৰিছিল যে এই সিদ্ধান্ত কেৱল বৰ্তমানৰ দলীয় প্ৰয়োজন পূৰণৰ বাবে নহয়, বৰং বৈভৱৰ দীৰ্ঘম্যাদী ক্ৰিকেটীয় বিকাশৰ বাবেও লোৱা হৈছে।
ইষ্ট জ’নৰ নিৰ্বাচন সমিতিৰ সদস্য তথা ঝাৰখণ্ডৰ নিৰ্বাচক মনীষ বৰ্ধনে Cricinfo-ক কৈছিল, “আমি কেৱল বৰ্তমানৰ কথাই চিন্তা কৰা নাই।” বৈভৱৰ বাবে এই অধিনায়কত্বৰ সুযোগ বিশেষভাৱে উল্লেখযোগ্য। কাৰণ চেণ্ট্ৰেল জ’নৰ বিৰুদ্ধে অনুষ্ঠিত মেচখন তেওঁৰ কেৰিয়াৰৰ দ্বিতীয়খন দুলীপ ট্ৰফীৰ মেচ। ২০২৪ চনৰ আৰম্ভণিতে ৰঞ্জী ট্ৰফীত অভিষেক ঘটোৱাৰ পিছৰে পৰা তেওঁ মুঠ ৯খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। মাত্ৰ ১৫ বছৰ বয়সতে ছিনিয়ৰ পুৰুষৰ ঘৰুৱা ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত দলৰ নেতৃত্বৰ দায়িত্ব লাভ কৰাটোৱে বৈভৱ সূৰ্যবংশীৰ ক্ৰিকেটীয় যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰিলে।
