মাইবং গুলীচালনা: ৮ বছৰ পিছত ন্যায়ৰ পোহৰ

২০১৮ চনৰ মাইবং গুলীচালনা কাণ্ডৰ প্ৰায় ৮ বছৰ ৬ মাহ পাছত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ঘটনাত নিহত দুজন লোকৰ পৰিয়াল আৰু গুৰুতৰভাৱে আহত তিনিজন লোকক ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে আদালতে। অৱশ্যে, ঘটনাটোৰ নতুনকৈ স্বতন্ত্ৰ তদন্তৰ আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ এন. উন্নি কৃষ্ণণ নায়াৰৰ খণ্ড বিচাৰপীঠে নিৰ্দেশ দিয়ে যে নিহত প্ৰবেন হাকমুছ আৰু মিথুন ডিব্ৰাগেডেৰ পৰিয়ালক ৩ লাখকৈ টকা আৰু গুৰুতৰভাৱে আহত আলপনা লাংথাছা, থাইছৰিং হোজাই আৰু সুনুজিত চেংগ্যুঙক ২ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে দিব লাগিব। এই ধন ৩ মাহৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিছে আদালতে।

২০১৮ চনৰ ২৫ জানুৱাৰীত ডিমা হাছাওৰ মাইবং ৰে’ল ষ্টেচনৰ সমীপত ডিমাছা সংগঠনসমূহে ‘Greater Nagalim’ৰ প্ৰস্তাৱিত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। ঘটনাত দুজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল।

আবেদনকাৰী পক্ষৰ অভিযোগ আছিল যে কোনো আগজাননী নিদিয়াকৈ আৰক্ষীয়ে প্ৰথমে লাঠীচালনা আৰু পাছত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছিল। বিপৰীতে, অসম চৰকাৰে আদালতক জনায় যে প্ৰতিবাদকাৰীয়ে ৰে’ল অৱৰোধ কৰাৰ লগতে শিলগুটি নিক্ষেপ, ৰে’লৰ সম্পত্তি ক্ষতিগ্ৰস্ত আৰু ৰে’লখনত জুই লগোৱাৰ চেষ্টা কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰা হৈছিল।

ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষী তদন্ত, দণ্ডাধীশৰ তদন্ত আৰু একোজনীয়া তদন্ত আয়োগৰ তদন্ত সম্পন্ন হৈছিল। আবেদনকাৰী পক্ষই এই তদন্তসমূহক লৈ আপত্তি দৰ্শাই নতুনকৈ স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছিল।

কিন্তু উচ্চ ন্যায়ালয়ে ঘটনাৰ সৈতে জড়িত দুটা আৰক্ষী গোচৰৰ আইনী প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়ি যোৱাৰ লগতে পূৰ্বৰ তদন্তসমূহ সম্পন্ন হোৱাৰ কথা উল্লেখ কৰি নতুন স্বতন্ত্ৰ তদন্তৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰে। ইয়াৰে এটা গোচৰত ৬জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছে আৰু আনটো গোচৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছে।

অৱশ্যে, প্ৰতিবাদ হিংসাত্মক ৰূপ লোৱাৰ কথা স্বীকাৰ কৰিও আদালতে মত প্ৰকাশ কৰে যে গুলীচালনাৰ ফলত হোৱা আঘাতৰ ধৰণে আৰক্ষীৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণৰূপে অনুপাতিক নাছিল বুলি সূচায়। আদালতৰ মতে, এই ক্ষেত্ৰত ভুক্তভোগীৰ মৌলিক অধিকাৰ, বিশেষকৈ সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধিকাৰ, উলংঘনৰ বিষয়টো বিবেচনাযোগ্য।

এই পৰিপ্ৰেক্ষিততে উচ্চ ন্যায়ালয়ে ক্ষতিপূৰণক ‘Exemplary Compensation’ হিচাপে গণ্য কৰি ৰাজহুৱা আইনৰ অধীনত প্ৰদানৰ নিৰ্দেশ দিয়ে। এই ক্ষতিপূৰণ পূৰ্বতে লাভ কৰা কোনো ক্ষতিপূৰণৰ অতিৰিক্ত হ’ব আৰু ভুক্তভোগীসকলে বিচাৰিলে পৃথকভাৱে ক্ষতিপূৰণৰ বাবে দেৱানী গোচৰ চলোৱাৰ অধিকাৰো থাকিব বুলি আদালতে স্পষ্ট কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...

১৫ বছৰতে অধিনায়ক! ইতিহাস গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে

মাত্ৰ ১৫ বছৰ বয়সতে ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে বৈভৱ...

ছুইজাৰলেণ্ডৰ ৰেভ পাৰ্টীত গুলীচালনাৰ ঘটনা

এজন নিহত, আহত ৫ জন; অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান। ছুইজাৰলেণ্ডৰ...

নিউয়ৰ্কত মোহন ভাগৱত: ‘বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতৰ DNAত আছে’

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ মুৰব্বী মোহন ভাগৱতে বৈচিত্ৰ্যক সন্মান...